ETV Bharat / politics

১৮ ফেব্ৰুৱাৰীত অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী, উন্মোচন কৰিব বীৰ লাচিতৰ প্ৰতিমূৰ্তি

author img

By ETV Bharat Assamese Team

Published : Jan 25, 2024, 4:51 PM IST

Narendra Modi: অসমত লোকসভা নিৰ্বাচনৰ বতাহ বলিছে । অসমলৈ সোঁত বৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাৰ । জে পি নাড্ডা, অমিত শ্বাহ, ৰাহুল গান্ধীৰ পিচত এইবাৰ অসমলৈ আহি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ ১৮ ফেব্ৰুৱাৰীত যোৰহাটলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । যোৰহাটৰ হোলোঙাপাৰত উন্মোচন কৰিব মহাবীৰ লাচিতৰ বিশাল প্ৰতিমূৰ্তি ৷

Modi Assam Visit
যোৰহাটলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

গুৱাহাটী, ২৫ জানুৱাৰী : লোকসভাৰ নিৰ্বাচনৰ প্ৰাকক্ষণত কি শাসকীয়, কি বিৰোধী এতিয়া প্ৰায়সমূহৰ ৰাজনৈতিক দলৰ এজনৰ পিচত আন এজন ৰাষ্ট্ৰীয় শীৰ্ষ নেতাৰ আগমন ঘটিছে অসমলৈ । কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে শিৱসাগৰৰ পৰা ধুবুৰীলৈ কৰা ভাৰত জোড়ো ন্যায় যাত্ৰাৰ ৮ দিনীয়া যাত্ৰা সামৰি আজি অসম এৰি পশ্চিমবংগত প্ৰৱেশ কৰিছে ।

এই ভাৰত জোড়ো ন্যায় যাত্ৰাত ৰাজনৈতিক দলটোৰ শীৰ্ষ নেতা মল্লিকার্জুন খাৰ্গে, জীতেন্দ্ৰ সিং, কে চি বেনুগোপাল, জয়ৰাম ৰমেশ, কানহাইয়া কুমাৰ আদি শীর্ষ নেতা অসমলৈ আহিছিল । একে সময়তে শাসকীয় বিজেপি দলৰো শীৰ্ষ কেইবাগৰাকীও নেতা অসম আগমন ঘটা দেখা গ’ল । কেইদিনমান পূৰ্বে গুৱাহাটীত একাধিক দলীয় সভাত অংশগ্ৰহণ কৰিছিল ৷ উদুলি-মুদুলি পৰিৱেশৰ সৃষ্টি হৈছিল গুৱাহাটীত ।

ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা চলি থকা অৱস্থাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও দুদিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণ কৰে ৷ তেজপুৰ, গুৱাহাটীকে ধৰি কেইবা ঠাইতো চৰকাৰী কাৰ্যসূচীত ভাগ লয় অমিত শ্বাহে ৷

ৰাহুল গান্ধী, জেপি নাড্ডা আৰু অমিত শ্বাহৰ পিচত এইবাৰ ১৮ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমন ঘটিব অসমলৈ ৷ যোৰহাটলৈ আহিব দিনজোৰা কাৰ্যসূচীৰে । ভাগ ল’ব বহুকেইটা চৰকাৰী কাৰ্যসূচীত ৷ প্ৰধানমন্ত্ৰী মোদীয়ে সেইদিনা উন্মোচন কৰিব মহাবীৰ লাচিত বৰফুকনৰ সুউচ্চ প্ৰতিমূৰ্তি ।

উল্লেখ্য যে যোৰহাটৰ হোলোঙাপাৰত থকা মহাবীৰ লাচিত মৈদামত অসম চৰকাৰে ১৫০ কোটি টকা ব্যয়ৰে নির্মাণ কৰিছে ১২৫ ফুট উচচতাৰ লাচিতৰ সুবিশাল প্ৰতিমূৰ্তিটো ৷ ব্ৰঞ্জৰে নিৰ্মিত প্ৰতিমূৰ্তিটোৰ আধাৰশিলা স্থাপন কৰিছিল ২০২২ চনত সেই সময়ৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ৷

নিৰ্মাণকাৰ্য প্ৰায় শেষ হোৱাৰ দিশত লাচিতৰ এই বিশাল প্ৰতিমুৰ্তিটো ৷ এই উন্মোচনী অনুষ্ঠানৰ লগতে প্ৰধানমন্ত্ৰী মোদীয়ে যোৰহাটৰ মেলেংমেতেলীত এখন দলীয় বিশাল জনসভাও সম্বোধন কৰিব । এই জনসভাত প্ৰায় ডেৰ লাখ লোক সমবেত কৰাৰ প্ৰস্তুতি চলাইছে বিজেপিয়ে ৷

এই জনসভাৰ দলীয় প্ৰস্তুতিৰ ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰীৰ উপৰিও মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই ইয়াৰ তত্বাৱধান লোৱা বুলি জানিব পৰি গৈছে ।

লগতে পঢ়ক: ৰাম মন্দিৰ নিৰ্মাণ শ্ৰমিকৰ ওপৰত পুষ্প বৰ্ষণ প্ৰধানমন্ত্ৰী মোদীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.