ETV Bharat / bharat

ৰাম মন্দিৰ নিৰ্মাণ শ্ৰমিকৰ ওপৰত পুষ্প বৰ্ষণ প্ৰধানমন্ত্ৰী মোদীৰ

author img

By ETV Bharat Assamese Team

Published : Jan 22, 2024, 6:25 PM IST

Modi Gesture to Ram Mandir Workers : অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ সৈতে জড়িত শ্ৰমিকসকলৰ ওপৰত ফুলৰ পাহি ছটিয়াই দিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । লগতে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ বাবে প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে ।

ৰাম মন্দিৰ নিৰ্মাণ শ্ৰমিকৰ ওপৰত পুষ্প বৰ্ষণ প্ৰধানমন্ত্ৰীৰ

নিউজ ডেস্ক, ২২ জানুৱাৰী : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে উত্তৰ প্ৰদেশৰ অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণ কৰা শ্ৰমিকসকলৰ ওপৰত ফুলৰ পাহি বৰ্ষণ কৰে ।

প্ৰধানমন্ত্ৰীয়ে বহি থকা শ্ৰমিকসকলৰ মাজেৰে খোজকাঢ়ি গৈ ফুলৰ পাহিভৰ্তি এটা কুকিৰ পৰা তেওঁলোকৰ ওপৰত পুষ্পবৃষ্টি কৰে । তেওঁলোকৰ কামৰ বাবে প্ৰশংসা কৰাৰ লগতে তেওঁলোকৰ কামৰ স্বীকৃতি হিচাপে ফুলৰ পাহি ছটিয়াই প্ৰধানমন্ত্ৰীয়ে কৃতজ্ঞতা প্ৰকাশ কৰে ।

ইয়াৰ উপৰি প্ৰধানমন্ত্ৰী মোদীয়ে ৰাম মন্দিৰ চৌহদত থকা জটায়ুৰ মূৰ্তিতো ফুল ছটিয়ায় আৰু অযোধ্যা ধামত ভগৱান শিৱকো প্ৰাৰ্থনা কৰে । আনহাতে, অযোধ্যাৰ ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ বাবে আমন্ত্ৰণ জনোৱা বিশিষ্ট ব্যক্তিসকলক সম্বোধন কৰি মোদীয়ে কয় যে ৰামলালাৰ মূৰ্তি উন্মোচন কৰাৰ মুহূৰ্তটো কেৱল বিজয়ৰ নহয়, নম্ৰতাৰো এক উপলক্ষ ।

"এয়া উদযাপনৰ এক মুহূৰ্ত । লগতে ভাৰতীয় সমাজৰ পৰিপক্বতাৰ প্ৰতিফলনৰ মুহূৰ্ত । এইটো কেৱল বিজয়ৰ উপলক্ষ নহয়, নম্ৰতাৰো ই এক উপলক্ষ । বিশ্বৰ ইতিহাস নিজেই প্ৰমাণ যে বহু দেশে তেওঁলোকৰ নিজৰ ইতিহাসত শ্বাসৰুদ্ধ হৈ পৰিছে আৰু এনে দেশবোৰে তেওঁলোকৰ সমস্যা সমাধানৰ চেষ্টা কৰাৰ সময়ত অসুবিধাৰ সন্মুখীন হয়... কিন্তু যিধৰণে আমাৰ দেশে ইতিহাসৰ বান্ধোন খুলিছে, সেয়া প্ৰমাণ যে আমাৰ ভৱিষ্যত আমাৰ অতীততকৈ অধিক সুন্দৰ হ'ব ।" তেওঁ কয় ।

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে এই মন্দিৰ নিৰ্মাণ, যিয়ে 'জুই জ্বলাব' বুলি কোৱা হৈছিল, সেয়া হৈছে দেশৰ শান্তি, ধৈৰ্য, সম্প্ৰীতি আৰু একত্ৰীকৰণৰ প্ৰতীক । "এটা সময় আছিল যেতিয়া কিছু লোকে 'ৰাম মন্দিৰ বনে তো আগ লাগ জায়েগী' বুলি কৈছিল (মন্দিৰৰ নিৰ্মাণে জুই জ্বলাব) । এনে লোকসকলে ভাৰতৰ সামাজিক চেতনাৰ বিশুদ্ধতা বুজিব নোৱাৰিলে । ৰামলালাৰ এই মন্দিৰ নিৰ্মাণ ভাৰতীয় সমাজৰ শান্তি, ধৈৰ্য, পাৰস্পৰিক সম্প্ৰীতি আৰু সমন্বয়ৰ প্ৰতীক । আমি দেখিছোঁ যে এই নিৰ্মাণে কোনো জুইৰ জন্ম দিয়া নাই, কিন্তু শক্তিৰ জন্ম দিছে ।" তেওঁ লগতে কয় ।

ইয়াৰ উপৰি প্ৰধানমন্ত্ৰীয়ে কয় যে অযোধ্যাৰ মন্দিৰ ৰামৰ ৰূপত ৰাষ্ট্ৰীয় চেতনাৰ মন্দিৰ । উল্লেখ্য যে দিনটোৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত এক ঘণ্টা ধৰি চলি থকা ৰীতি-নীতিৰ পিছত প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত ৰামলালাৰ মূৰ্তি উন্মোচন কৰা হয় । প্ৰধানমন্ত্ৰীয়ে ৰঙা ভাঁজ কৰা দোপাট্টাত ৰূপালী 'চাটাৰ' (ছাতি) ৰাখি মন্দিৰ চৌহদৰ ভিতৰলৈ খোজকাঢ়ি আগবাঢ়ে । আৰএছএছৰ মুৰব্বী মোহন ভাগৱত, উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দি বেন পেটেল আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথো অনুষ্ঠানৰ সময়ত গৰ্ভগৃহৰ ভিতৰত উপস্থিত থাকে ।

লগতে পঢ়ক :ৰাম মন্দিৰ ভাৰতীয় চেতনাৰ মন্দিৰ: প্ৰধানমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.