ক’লা ৰং পৰিধান কৰি কিয় প্ৰৱেশত বাধা প্ৰদান কৰা হৈছে মোদীৰ জনসভাত ?

By ETV Bharat Assamese Team

Published : Feb 4, 2024, 11:45 AM IST

thumbnail

গুৱাহাটী, 4 ফেব্ৰুৱাৰী : কিছুসময় পিচতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে খানাপাৰা খেলপথাৰৰ পৰা বিশাল জনসভা সম্বোধন কৰিব ৷ দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰায় 11,600 কোটি টকাৰ জনমুখী আঁচনিৰ উদ্বোধন কৰাৰ লগতে শিলান্যাস কৰিব বুলি জানিব পৰা গৈছে । লোকসভাৰ নিৰ্বাচনৰ দুমাহ পূৰ্বে অসমত নিৰ্বাচনী ৰণদুন্দুভি বজোৱাৰ উদ্দেশ্য প্ৰধানমন্ত্ৰী মোদীয়ে অসম ভ্ৰমণৰ কাৰ্যসূচী গ্ৰহণ কৰা বুলি দেশৰ ৰাজনীতিত বিশেষ চৰ্চা চলা পৰিলক্ষিত হৈছে ।

পুৱা 7.30 বজাৰ পৰাই হাজাৰ হাজাৰ জনতাৰ সোঁত বৈছে মোদীৰ সভালৈ । প্ৰতিটো সমষ্টিৰ পৰা জনতা আহিছে সভালৈ । উল্লেখযোগ্য যে দুদিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণৰ বাবে আহিছে প্ৰধানমন্ত্ৰী মোদীৰ । শনিবাৰে সন্ধিয়া 6.15 বজাত গুৱাহাটী বিমানবন্দৰত অৱতৰণ কৰাৰ পিচতে পোনে পোনে ৰাজ্যিক অতিথিশালালৈ যায় প্ৰধানমন্ত্ৰীগৰাকী ।

প্ৰাক নিৰ্বাচনী সময়ত উত্তৰ পূৰ্বাঞ্চলবাসীৰ বাবে আজি বিশাল জনসভাযোগে প্ৰধানমন্ত্ৰীগৰাকীয়ে কি পেকেজ ঘোষণা কৰে, সেয়া এক বিশেষ চৰ্চাৰ বিষয় হৈ পৰিছে বৰ্তমান সময়ত ।

লগতে পঢ়ক: আজি 11599 কোটি টকাৰ আধাৰশিলা-উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.