হনুমান জয়ন্তীৰ দিনটোতে জানি লওক কিহত সন্তুষ্ট হয় হনুমান জী ? - hanuman jayanti 2024

By ETV Bharat Assamese Team

Published : Apr 23, 2024, 5:15 PM IST

thumbnail

গুৱাহাটী, 23 এপ্ৰিল : আজি হনুমান জয়ন্তী । লোকবিশ্বাস মতে আজিৰ দিনটোত ভগৱান হনুমানৰ জন্ম হৈছিল । হনুমান জয়ন্তী উপলক্ষে ৰাজ্যৰ প্ৰতিটো মন্দিৰৰ লগতে গুৱাহাটী মহানগৰীতো দেখা গ’ল ব্যাপক আয়োজন । হনুমান জীৰ আশীষ বিচাৰি পুৱাৰে পৰা ভিৰ কৰিলেহি অগণন ভক্তই ।

অতীজৰে পৰা হনুমানৰ জন্মদিনটো প্ৰতিগৰাকী হিন্দু ধৰ্মাৱলম্বী লোকে হনুমান জয়ন্তী হিচাপে পালন কৰি আহিছে । প্ৰভু হনুমানক বিষ্ণুৰ অৱতাৰ ৰামৰ প্ৰিয় ভক্ত বুলি গণ্য কৰা হয় । ভগৱান ৰামৰ প্ৰতি হনুমানৰ যি অটল ভক্তি সেয়া বহুলভাৱে পৰিচিত । সেয়ে বিশ্বাস কৰা হয় যে হনুমান মন্দিৰলৈ গ’লে ভগৱান ৰাম আৰু মা সীতাক সেৱা কৰিব লাগে । ভগৱান ৰাম আৰু মা সীতাক সেৱা কৰিলে হনুমান সন্তুষ্ট হয় ।

হনুমান জয়ন্তী উপলক্ষে দেশৰ বিভিন্ন ঠাইৰ লগতে ৰাজ্যতো উলহ-মালহেৰে পালন কৰা হৈছে হনুমান জয়ন্তী । পুৱাৰে পৰা ৰাজ্যৰ প্ৰতিটো মন্দিৰৰ লগতে গুৱাহাটী মহানগৰীতো দেখা গ’ল হনুমান জয়ন্তীৰ ব্যাপক আয়োজন । মহানগৰীৰ লাচিত নগৰৰ হনুমান মন্দিৰৰ সমান্তৰালকৈ, মহানগৰীৰ বিভিন্ন স্থানত থকা হনুমান মন্দিৰত পুৱাৰে পৰা দেখা গ’ল ভক্তৰ লানি নিছিগা শাৰী । নিজৰ নিজৰ মনোকামনাৰে প্ৰতিগৰাকী ভক্তই আশীষ ল’লে হনুমানৰ শ্ৰীচৰণত ।

লগতে পঢ়ক : ক’ত জন্ম হৈছিল পৰম ৰাম ভক্ত হনুমান ? হনুমানৰ জন্মস্থান সম্পৰ্কীয় মান্যতা জানো আহক - Hanuman Jayanti 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.