পদ্মশ্ৰী বঁটাপ্ৰাপক সৰ্বেশ্বৰ বসুমতাৰীক দল-সংগঠনৰ সম্বৰ্ধনা - পদ্মশ্ৰী বঁটা

🎬 Watch Now: Feature Video

thumbnail
সৰ্বেশ্বৰ বসুমতাৰীক সম্বৰ্ধনা (undefined)

By ETV Bharat Assamese Team

Published : January 26, 2024 at 7:11 PM IST

1 Min Read
Choose ETV Bharat

চিৰাং, 26 জানুৱাৰী : চিৰাং জিলাৰ বিজনী মহকুমাৰ পাণবাৰী অঞ্চলৰ আদৰ্শ খেতিয়ক সৰ্বেশ্বৰ বসুমতাৰীলৈ ভাৰত চৰকাৰে আগবঢ়াইছে পদ্মশ্ৰী সন্মান ৷ কঠোৰ পৰিশ্ৰমেৰে সেউজীয়াৰ সপোন দেখা সৰ্বেশ্বৰ বসুমতাৰীলৈ কেন্দ্ৰীয় চৰকাৰে আগবঢ়াইছে পদ্মশ্ৰী বঁটা ৷ আদৰ্শ কৃষকগৰাকীলৈ চৰকাৰে ভাৰতৰ চতুৰ্থ অসামৰিক সন্মান আগবঢ়োৱাত তেখেতৰ লগতে উৎফুল্লিত হৈ পৰিছে বিভিন্ন দল-সংগঠনৰ লগতে চিৰাংবাসী ৰাইজ ৷

কৃষিকৰ্মৰ জৰিয়তে বিপ্লৱ আনিবলৈ সক্ষম হোৱা আদৰ্শ কৃষক সৰ্বেশ্বৰ বসুমতাৰীয়ে লাভ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ এই স্বীকৃতি ৷ নতুন নতুন উদ্ভাৱনী কৃষি পদ্ধতিৰে সফলতা লাভ কৰা কৃষকগৰাকীয়ে 2023 বৰ্ষত ৰাজ্য চৰকাৰৰ অসম গৌৰৱ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল ৷

বিজ্ঞানসন্মত পদ্ধতিত কৃষিকাৰ্যৰে সফলতা লাভ কৰিবলৈ সক্ষম হোৱা কৃষকজনে পদ্মশ্ৰী বঁটা লাভ কৰাত গৌৰৱান্বিত হৈছে চিৰাং জিলাৰ লগতে অসমবাসী ৰাইজ ৷ আজি বিভিন্ন দল-সংগঠনে সৰ্বেশ্বৰ বসুমতাৰীক সম্বৰ্ধনা জনায় ৷ 

 লগতে পঢ়ক : মহিলা মাউত পাৰ্বতী বৰুৱা, আদৰ্শ কৃষক সৰ্বেশ্বৰ বসুমতাৰী শিল্পী দ্ৰোণ ভূঞালৈ পদ্মশ্ৰী সন্মান
 
ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details