পদ্মশ্ৰী বঁটাপ্ৰাপক সৰ্বেশ্বৰ বসুমতাৰীক দল-সংগঠনৰ সম্বৰ্ধনা

By ETV Bharat Assamese Team

Published : Jan 26, 2024, 7:11 PM IST

thumbnail

চিৰাং, 26 জানুৱাৰী : চিৰাং জিলাৰ বিজনী মহকুমাৰ পাণবাৰী অঞ্চলৰ আদৰ্শ খেতিয়ক সৰ্বেশ্বৰ বসুমতাৰীলৈ ভাৰত চৰকাৰে আগবঢ়াইছে পদ্মশ্ৰী সন্মান ৷ কঠোৰ পৰিশ্ৰমেৰে সেউজীয়াৰ সপোন দেখা সৰ্বেশ্বৰ বসুমতাৰীলৈ কেন্দ্ৰীয় চৰকাৰে আগবঢ়াইছে পদ্মশ্ৰী বঁটা ৷ আদৰ্শ কৃষকগৰাকীলৈ চৰকাৰে ভাৰতৰ চতুৰ্থ অসামৰিক সন্মান আগবঢ়োৱাত তেখেতৰ লগতে উৎফুল্লিত হৈ পৰিছে বিভিন্ন দল-সংগঠনৰ লগতে চিৰাংবাসী ৰাইজ ৷

কৃষিকৰ্মৰ জৰিয়তে বিপ্লৱ আনিবলৈ সক্ষম হোৱা আদৰ্শ কৃষক সৰ্বেশ্বৰ বসুমতাৰীয়ে লাভ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ এই স্বীকৃতি ৷ নতুন নতুন উদ্ভাৱনী কৃষি পদ্ধতিৰে সফলতা লাভ কৰা কৃষকগৰাকীয়ে 2023 বৰ্ষত ৰাজ্য চৰকাৰৰ অসম গৌৰৱ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল ৷

বিজ্ঞানসন্মত পদ্ধতিত কৃষিকাৰ্যৰে সফলতা লাভ কৰিবলৈ সক্ষম হোৱা কৃষকজনে পদ্মশ্ৰী বঁটা লাভ কৰাত গৌৰৱান্বিত হৈছে চিৰাং জিলাৰ লগতে অসমবাসী ৰাইজ ৷ আজি বিভিন্ন দল-সংগঠনে সৰ্বেশ্বৰ বসুমতাৰীক সম্বৰ্ধনা জনায় ৷ 

 লগতে পঢ়ক : মহিলা মাউত পাৰ্বতী বৰুৱা, আদৰ্শ কৃষক সৰ্বেশ্বৰ বসুমতাৰী শিল্পী দ্ৰোণ ভূঞালৈ পদ্মশ্ৰী সন্মান
 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.