ৰাজ্যৰ প্ৰতিটো পৰিয়ালৰ ওচৰলৈ যাব BJP নেতা-কৰ্মী: পবিত্ৰ মাৰ্ঘেৰিটা

By ETV Bharat Assamese Team

Published : Mar 16, 2024, 7:06 PM IST

thumbnail

গুৱাহাটী,১৬ মাৰ্চ: ঘোষণা হ'ল নিৰ্বাচনী অধিসূচনা । তুংগত উঠিব নিৰ্বাচনী প্ৰচাৰ । ইয়াৰ মাজতে লোকসভা নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে শনিবাৰে গুৱাহাটীৰ বাজপেয়ী ভৱনত অনুষ্ঠিত হয় নিৰ্বাচনী প্ৰচাৰৰ ৰণকৌশলৰ প্ৰস্তুতি সভা । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু BJP ৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত অনুষ্ঠিত হয় এই সভা । সভাৰ অন্তত সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই কয় যে সকলো BJPৰ বিধায়ক, প্ৰাৰ্থী, ১২৬ জন প্ৰভাৰী, মণ্ডল আৰু ক্ষেত্ৰভিত্তিক কৰ্মীসকল এই বিশেষ সভাখনত উপস্থিত থাকে ।  

প্ৰায় তিনি‌ঘন্টা ধৰি অনুষ্ঠিত হোৱা সভাখনৰ অন্তত তেওঁ কয় যে এইবাৰ BJPৰ নিৰ্বাচনী প্ৰচাৰ গতানুগতিক নহয় । অগতানুগতিক এক ধাৰা সৃষ্টি কৰি প্ৰতিটো পৰিয়ালৰ ওচৰলৈ যাব BJP ৰ নেতা-কৰ্মী আৰু তেওঁলোকৰ অভিযোগৰ ফৰ্ম পূৰণ কৰি মুখ্যমন্ত্ৰীক আগবঢ়াই দিব । সকলো লোকৰ আৰু অঞ্চলৰ উন্নয়ন কৰাৰ উদেশ্যেৰে এই প্ৰচাৰ অভিযান‌ চলোৱা হ'ব বুলি জানিবলৈ দিয়ে ৰাজ্যসভাৰ সাংসদগৰাকীয়ে । লগতে সাতটা বিষয়বস্তু সামৰি নিযুত মইনা আঁচনিৰ ছাত্ৰীসকলক সাক্ষাৎ কৰি তেওঁলোকৰ মনৰ কথাৰ জানিবলৈ চেষ্টা কৰা হ'ব । তেওঁ উল্লেখ কৰে যে BJP ৰ ১২৬ গৰাকী প্ৰভাৰীয়ে নিৰ্বাচনত সাঁকোৰ দৰে কাম কৰিব ।

লগতে পঢ়ক: ৰাহুল গান্ধীৰ বডী ডাবলে‌ মাজুলীত ক্ৰিকেট খেলিছিল:মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.