বৰপেটাত মাকৈ খেতিৰ মাজত আফিং খেতি

By ETV Bharat Assamese Team

Published : Feb 13, 2024, 3:52 PM IST

thumbnail

বৰপেটা,১৩ ফেব্ৰুৱাৰী: বৰপেটাৰ চেঙা সমষ্টিৰ নিৰলা চৰত পথাৰৰ মাজত অবৈধ নিচাজাতীয় আফিং খেতি । মাকৈ খেতিৰ ভিতৰত নিচাজাতীয় আফিঙৰ খেতি দুষ্ট-চক্রৰ ৷ কোনেও নেদেখাকৈ মাকৈ খেতিৰ ভিতৰত এই অবৈধ আফিঙৰ খেতি কৰাৰ অভিযোগ উত্থাপন হয় । প্ৰায় তিনিবিঘা মাটিত কৰা হৈছিলে এই নিষিদ্ধ আফিং খেতি ।  

ছমিৰন নামৰ এগৰাকী বিধৱা মহিলাৰ ভূমিত কৰা হৈছিল এই অবৈধ আফিঙৰ খেতি । এই অবৈধ আফিং খেতিৰ লগত, কোন কোন জড়িত হৈ আছে বৰ্তমানলৈ জানিব পৰা হোৱা নাই । ইতিমধ্যে সোধপোচৰ বাবে দুজন ব্যক্তিক আৰক্ষীয়ে আটক কৰিছে ৷ এই অবৈধ আফিঙৰ খেতি কোনে কৰি আহিছে এই বিষয়ে অজ্ঞতা প্ৰকাশ কৰে গাঁও প্ৰধানে ৷ শীঘ্ৰে এনে দুস্কৃতিকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাই অঞ্চলটোৰ সচেতন ৰাইজে । 

লগতে পঢ়ক: Tea Production In Manipur:মণিপুৰৰ 50 হেক্টৰ পাহাৰীয়া মাটিত চাহ খেতি কৰাৰ লক্ষ্য Meckley Tea ৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.