সুদখোৰৰ বিৰুদ্ধে কলিয়াবৰত আৰক্ষীৰ অভিযান

By ETV Bharat Assamese Team

Published : Feb 18, 2024, 9:34 PM IST

thumbnail

কলিয়াবৰ, 18 ফেব্ৰুৱাৰী : মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনাৰ পিছৰ পৰাই সুদখোৰৰ বিৰুদ্ধে তীব্ৰ অভিযান অসম আৰক্ষীৰ ৷ সুদখোৰৰ বিৰুদ্ধে অব্যাহত আছে কলিয়াবৰ আৰক্ষীৰ অভিযান ৷ শনিবাৰ আৰু আজি জখলাবন্ধা আৰু বাগৰি আৰক্ষীৰ অভিযানত জালত পৰিল পাঁচটাকৈ সুদখোৰ ৷ আজি জখলাবন্ধা আৰক্ষীয়ে বামুণী গাঁৱৰ পৰা আৰু শাকমুঠিয়া চাহ বাগিচা এলেকাৰ পৰা আটক কৰে দুই সুদখোৰক ৷ আটকাধীন দুই সুদখোৰ ৰছিদ শ্বেখ আৰু হাউচ কুমাৰ নায়ক বুলি চিনাক্ত কৰা হৈছে ৷ জখলাবন্ধা আৰক্ষী নিৱেশত দুয়োকে সোধা-পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

ইফালে বাগৰি আৰক্ষীৰ জালতো তিনিটাকৈ সুদখোৰ ৷ ধৃত সুদখোৰ কেইটা কুঠৰী শিঙিজুৰিৰ নুৰুল ইচলাম, ন-জানৰ আব্দুল হক আৰু ন-বস্তি ওপৰ ডাংগাৰ হীৰেন বনিক বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, 12 ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত সুদখোৰৰ বিৰুদ্ধে অভিযান চলাবলৈ প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষকলৈ নিৰ্দেশনা জাৰি কৰিছিল ৷  

লগতে পঢ়ক : অভয়াপুৰী আৰক্ষীৰ জালত সুদখোৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.