মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ কনভয়ৰ লগত থকা বাহনৰ পৰা উদ্ধাৰ এক কোটি টকা - Lok Sabha Election 2024

By ETV Bharat Assamese Team

Published : Apr 5, 2024, 8:33 PM IST

thumbnail

মৰাণ, ৫ এপ্ৰিল: চৰাইদেউৰ সীমান্তৱৰ্তী অৰুণাচল প্ৰদেশৰ কানুবাৰী চেকগেটত নগদ এক কোটি টকাসহ এজনক আটক । লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰা পাচতেই দেশজুৰি বলৱৎ হৈছে নিৰ্বাচনী বিধি । দেশজুৰি নিৰ্বাচনী বিধি বলৱৎ হোৱাৰ লগে লগে কঠোৰ হৈছে আৰক্ষী । আজি চৰাইদেউ জিলাৰ সীমান্তৱৰ্তী অৰুণাচল প্ৰদেশৰ কানুবাৰী চেকগেটত নগদ এক কোটি টকাসহ এজনক আটক কৰে এছ এছ টি আৰু ফ্লায়িং স্কোৱাডে ।

AS01 ET 5252 নম্বৰৰ ফৰ্চুনাৰ বাহনৰ পৰা এছ এছ টি আৰু ফ্লায়িং স্কোৱাডে উদ্ধাৰ কৰে ৫০০ টকীয়া নোটৰ ২০০ টা বাণ্ডিল । অৰুণাচল প্ৰদেশৰ নিৰ্বাচনৰ কাৰ্যসূচী লৈ ভ্ৰমণ কৰা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ কনভয়ৰ পাচতে আছিল এই বাহনখন । ধৃত বাহনখনৰ গৰাকীয়ে উল্লেখ কৰা অনুসৰি এই নগদ ধনখিনি বি আৰ চি কোম্পানীৰ কামত ব্যৱহাৰৰ উদ্দেশ্যে লৈ যোৱা হৈছিল ।  ইয়াৰ পিচতে লংডিং আৰক্ষীয়ে এই সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখে ।

লগতে পঢ়ক:CVigil App ত ১ লাখৰো অধিক নিৰ্বাচনী অধিনিয়ম উলংঘাৰ অভিযোগ লাভ নিৰ্বাচন আয়োগৰ - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.