শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ পূৰ্বৰ মৰ্যাদা ঘূৰাই দিয়াৰ দাবীত প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Feb 8, 2024, 4:59 PM IST

thumbnail

নলবাৰী, ৮ ফেব্ৰুৱাৰী : নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ পূৰ্বৰ মৰ্যাদা আৰু পৰিসেৱা ঘূৰাই দিয়াৰ দাবীত জিলাখনত প্ৰতিবাদ অব্যাহত আছে ৷ বৃহস্পতিবাৰে পুনৰ চিকিৎসালয়ৰ পূৰ্বৰ মৰ্যাদা আৰু পৰিসেৱা ঘূৰাই দিয়াৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় সুৰক্ষা সমিতিয়ে । আজি গণ অৱস্থান কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় সুৰক্ষা সমিতিয়ে । শ শ লোকৰ উপস্থিতিত প্ৰতিবাদমুখৰ হৈ পৰে চিকিৎসালয়ৰ চৌহদ । নলবাৰী জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ কাৰ্যালয়ৰ বাহিৰত অৱস্থান ধৰ্মঘটত বহে প্ৰতিবাদকাৰীসকলে ৷ চিকিৎসালয়খনৰ পূৰ্বৰ ২৩৫ খন বিছনাযুক্ত পুনৰ ঘূৰাই দিয়াৰ দাবী প্ৰতিবাদকাৰীৰ ৷

উল্লেখ্য যে, ৰাজ্য চৰকাৰে অসামৰিক চিকিৎসালয়খন কেৱল শ্বহীদ মুকুন্দ কাকতি হাস্পতালৰূপে কিছুমাহ পূৰ্বে শুভাৰম্ভ কৰিছিল । যাৰ পৰিপ্ৰেক্ষিতত আজি পুনৰ এনেদৰে প্ৰতিবাদমুখৰ হৈ পৰে শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় সুৰক্ষা সমিতিয়ে ৷

লগতে পঢ়ক : ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ নতুন সমিতি গঠন, পদত্যাগ ভাৰপ্ৰাপ্ত সভাপতিৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.