ইণ্ডি এলায়েন্স নাই, শেষ হৈ গৈছে : বদৰুদ্দিন আজমল

By ETV Bharat Assamese Team

Published : Feb 9, 2024, 10:00 PM IST

thumbnail

গোৱালপাৰা, 9 ফেব্ৰুৱাৰী : বঙাইগাঁৱৰ যোগীঘোপাৰ বালাপাৰা জামিয়াতুল বানাত মাদ্ৰাছাত উপস্থিত সাংসদ বদৰুদ্দিন আজমল ৷ যোগীঘোপাৰ বালাপাৰা জামিয়াতুল বানাত মাদ্ৰাছাত এক ধৰ্মীয় সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে এই আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমল ৷ উপস্থিত হৈ সাংসদ গৰাকীয়ে ইণ্ডি এলায়েন্সক তীব্ৰ সমালোচনা কৰাৰ লগতে ইউনিফৰ্ম চিভিল কড (UCC) ক ইছলাম বিৰোধী আখ্যা দিয়ে ৷  

ইণ্ডি এলায়েন্সক তীব্ৰ সমালোচনা কৰি সাংসদ বদৰুদ্দিন আজমলে কয় যে, ইণ্ডি গোট বৰ্তমান নাই, শেষ হৈ গৈছে ৷ ইণ্ডি গোটবন্ধনৰ পৰা অতি সোনকালে অখিলেশ যাদৱ ওলাই যাব ৷ লগতে তেওঁ কয় যে, অসমত বিৰোধী ঐক্যমঞ্চ শেষ হৈ গৈছে, শূন্য হৈছে ৷ তেওঁ আৰু কয় যে সমাগত লোকসভা নিৰ্বাচনত বৰপেটা সমষ্টিত এ আই ইউ ডি এফে প্ৰাৰ্থিত্ব প্ৰদান নকৰে ৷ ইফালে ইউনিফৰ্ম চিভিল ক’ড প্ৰসংগত বদৰুদ্দিন আজমলে কয় যে, UCC কোৰাণ বিৰোধী, ইছলাম বিৰোধী ৷ 

লগতে পঢ়ক : শিৱসাগৰত নিৰ্বাচন খেলক মুখ্যমন্ত্ৰীয়ে, মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান অখিল গগৈৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.