মৰ্মন্তুদ ! নিমিষতে প্ৰাণ গ’ল মাতৃ-কন্যাৰ - moran terrible road accident

By ETV Bharat Assamese Team

Published : Apr 23, 2024, 8:47 AM IST

thumbnail

মৰাণ, 23 এপ্ৰিল: শোকাৱহ ৷ মঙলবাৰে পুৱাই এক শোকাৱহ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটিলে মাতৃ-কন্যাই ৷ মৰাণৰ ঝলমত পুৱা প্ৰায় 5 বজাত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো ।

জানিব পৰা মতে, পথৰ ওপৰত ৰৈ থকা এখন ট্ৰাকত পিছফালৰ পৰা এখন ৱাগনাৰ বাহনে খুন্দা মৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো । দুৰ্ঘটনাস্থলীতে মৃত্যু ঘটে মৰাণৰ খুমটাই সেউজপুৰৰ ববী আখটাৰ (34) নামৰ মহিলাগৰাকীৰ । আনহাতে গুৰুতৰভাৱে আহত হোৱা মহিলাগৰাকীৰ প্ৰায় 3 বছৰীয়া কন্যা সন্তানটিক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পাচতে মৃত্যুমুখত পৰে । 

গুৱাহাটীৰ পৰা AS 01 QC 3813 নম্বৰৰ এখন ভাৰা গাড়ীত মৰাণলৈ মাতৃ-কন্যাই আহি আছিল বুলি জানিব পৰা গৈছে ৷ মৰাণৰ ঝলমৰ সমীপত পথৰ ওপৰত ৰৈ থকা HR 58 D 6767 নম্বৰৰ ট্ৰাকখনক অতিক্ৰম কৰাৰ সময়তে ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয় ৷ পুৱাই সংঘটিত হোৱা এই ঘটনাটোৱে মৰাণত সৃষ্টি কৰিছে শোকাকুল পৰিৱেশৰ । 

লগতে পঢ়ক: আৰক্ষী কনিষ্টবলক খুন্দিওৱা নৈশ বাছ জব্দ, যাত্ৰীৰ হাহাকাৰ - Road Accident

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.