চিৰাঙত দুই শতাধিক লোকৰ কংগ্ৰেছত যোগদান - Lok sabha election 2024

By ETV Bharat Assamese Team

Published : Apr 24, 2024, 10:28 PM IST

thumbnail

চিৰাং, 24 এপ্ৰিল :  বুধবাৰে চিৰাঙৰ বেংতলত কংগ্ৰেছৰ এখন যোগদান তথা নিৰ্বাচনী সভা অনুষ্ঠিত হয় । 13 নং চিৰাং ব্লক কংগ্ৰেছৰ কাৰ্যালয়ত আয়োজন কৰা এই নিৰ্বাচনী প্ৰচাৰ সভাত কোকৰাঝাৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৰ্জন মুছাহাৰীসহ প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি,সম্পাদকসহ কেবাজনো কংগ্ৰেছ নেতাৰ উপস্থিতিত দুই শতাধিক লোকে কংগ্ৰেছ দলত যোগদান কৰে । 

এই নিৰ্বাচনী প্ৰচাৰ অনুষ্ঠানত কংগ্ৰেছী প্ৰাৰ্থী গৰ্জন মুছাহাৰীয়ে কয় যে, ভাৰত স্বাধীন হোৱাৰে পৰা কংগ্ৰেছে ভাৰতত শাসন কৰিছে ৷ বিজেপিয়ে দহ বছৰহে কৰিছে ৷ বিজেপিয়ে সকলো ক্ষেত্ৰত মুল্যবৃদ্ধিকে আদি কৰি বিভিন্ন কৰৰ বোজাৰে ভোটাৰসকলক অতিষ্ঠ কৰিছে ৷ এতিয়া আকৌ ৰাইজে কংগ্ৰেছক বিচাৰিছে । অসমত এতিয়া বিজেপিৰ লহৰ নাই, এতিয়া কংগ্ৰেছৰ লহৰ ৷ 

বিপিএফ-ইউপিপিএল আৰু বিজেপিৰ মাজত কোনো পাৰ্থক্য নাই, সকলোৱে তলে তলে মিলি আছে বুলি কয় কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে ৷ সেয়ে এইবাৰ কংগ্ৰেছে বিপুল ভোটত জয়ী হ’ব বুলি দাবী কৰে গৰ্জন মুছাহাৰীয়ে ।

লগতে পঢ়ক: মোৰ চুপতি মাৰিবলৈ সময় নাই: ফণীভূষণ চৌধুৰী - LOK SABHA ELECTION

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.