কঠালাতলীত পকী পথ নিৰ্মাণৰ আধাৰশিলা বিধায়ক কৃষ্ণেন্দু পালৰ

By ETV Bharat Assamese Team

Published : Feb 3, 2024, 10:17 AM IST

thumbnail

কৰিমগঞ্জ, ৩ ফেব্ৰুৱাৰী: পাথাৰকান্দিৰ সীমান্তৰ কঠালাতলীত বৃহস্পতিবাৰে পকী পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে পাথাৰকাণ্ডিৰ বিধায়ক কৃষ্ণেন্দু পালে । মুখ্যমন্ত্ৰীৰ উন্নত পকী পথ নিৰ্মাণ প্ৰকল্পৰ অধীনত কঠালতলীৰ বাঘনবস্তিৰ পৰা বাংলাতললৈ পথ নিৰ্মাণৰ বাবে ১২ কোটি ৪৭ লাখ ১২ হাজাৰ টকা আবণ্টন দিয়া হৈছে । সেই প্ৰকল্পৰ নিৰ্মাণ কাৰ্যৰ তথ্য ফলক আনুষ্ঠানিকভাৱে মুকলি কৰে বিধায়ক কৃষ্ণেন্দু পালে ।

ইয়াৰ সৈতে সংগতি ৰাখি আয়োজন কৰা সভাত বিধায়ক কৃষ্ণেন্দু পালে কয়," পাথাৰকান্দিৰ অৱস্থা এসময়ত অতি পুতৌজনক আছিল । এতিয়া পাথাৰকান্দিত সামগ্ৰিক উন্নতি হৈছে । পাথাৰকান্দিৰ উন্নয়ণৰ ওপৰত মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই তীক্ষ্ণ দৃষ্টি ৰাখিছে । পাথাৰকান্দিৰ সমস্যাৰ বিষয়ে যেতিয়াই মুখ্যমন্ত্রীক কোৱা হয় তেতিয়াই মুখ্যমন্ত্রীয়ে ততালিকে ইয়াৰ সমাধানৰ বাবে প্রকল্প আবণ্টন দিয়ে ৷"

বিধায়ক কৃষ্ণেন্দু পালে পুনৰ কয় যে এই চৰকাৰে সকলো জাতিৰ সমানে বিকশিত হোৱাতো বিচাৰে । বিজেপি চৰকাৰে সকলোৰে বাবে এখন উন্নত ভাৰত গঢ়িব বিচাৰে । গতিকে সকলো জাতিৰ মানুহে সকলো ধৰণৰ চৰকাৰী সা-সুবিধা লাভ কৰি আহিছে বুলিও তেওঁ কয় । বিধায়ক কৃষ্ণেন্দু পালে কয় যে আগন্তুক দিনত কঠালাতলীত আৰু অধিক প্ৰকল্প আবণ্টন দিয়া হ'ব ।

লগতে পঢ়ক:আউনিআটী বিশ্ববিদ্যালয়ৰ নিৰ্মাণৰ বাবে আয়োজন উপহাৰ কুপন খেল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.