প্ৰচাৰৰ মঞ্চতে লুৰীণজ্যোতিৰ হাতত অখিল গগৈয়ে তুলি দিলে এটা বিশেষ টোপোলা - Lok Sabha elections 2024

By ETV Bharat Assamese Team

Published : Apr 5, 2024, 6:36 PM IST

thumbnail

মৰাণ, ৫ এপ্ৰিল: ডিব্ৰুগড় লোকসভা সমষ্টিত বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈৰ প্ৰচাৰত নামি পৰিছে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ । বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থীগৰাকীক বিজয়ী কৰাবলৈ কংগ্ৰেছ, ৰাইজৰ দল আৰু আন সকলো ৰাজনৈতিক দলে ব্যাপক প্ৰচাৰত ব্যস্ত হৈছে । ৰাইজৰ দলৰ সভাপতি বিধায়ক অখিল গগৈয়ে ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিভিন্ন প্ৰান্তত লুৰীণজ্যোতি গগৈৰ হৈ প্ৰচাৰ চলাই ভোটভিক্ষা কৰিছে ।  

লুৰীণজ্যোতি গগৈয়ে প্ৰাৰ্থিত্ব লাভ কৰাৰ পাচতে অখিল গগৈয়ে ঘোষণা কৰিছিল যে বিধায়কৰ এমাহৰ দৰমহা লুৰীণজ্যোতিক প্ৰদান কৰাৰ কথা । ইয়াৰ পাচতে আজি নামৰূপত লুৰীণজ্যোতি গগৈক নিৰ্বাচনী সভাত এমাহৰ দৰমহা প্ৰদান কৰে অখিল গগৈয়ে । নামৰূপৰ ড৹ ভূপেন হাজৰিকা মুকলি মঞ্চত অনুষ্ঠিত প্ৰচাৰ সভাত লুৰীণজ্যোতি গগৈৰ হাতত ৰাজহুৱাভাৱে প্ৰদান কৰে এই ধনৰাশি ৷

লগতে পঢ়ক:যোৰহাটত যথেষ্ট আকৰ্ষণীয় হ'ব দুই 'গগৈ'ৰ যুঁজ; প্ৰচাৰত নামিছে ৰথী-মহাৰথী - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.