পৰিৱেশ সজাগতা বৃদ্ধিৰ প্ৰয়াসেৰে চাইকেলেৰে ভাৰতবৰ্ষ ভ্ৰমণৰ বাবে সাজু এজন যুৱক

By ETV Bharat Assamese Team

Published : Feb 7, 2024, 10:07 PM IST

thumbnail

গুৱাহাটী, ৭ ফেব্ৰুৱাৰী : পৰিৱেশ সজাগতা বৃদ্ধিৰ উদেশ্যেৰে চাইকেলেৰে ভাৰতবৰ্ষ ভ্ৰমণৰ বাবে সাজু হৈছে এজন যুৱক । যুৱকজনৰ ঘৰ মিজোৰামত ৷ সুদূৰ মিজোৰামৰ আইজলৰ পৰা চাইকেল চলাই পৰিৱেশ সজাগতাৰ বাৰ্তা লৈ দেশৰ ভিন্ন প্ৰান্তত ভ্ৰমণ কৰাৰ লক্ষ্য বান্ধি লৈছে যুৱকজনে ৷ যুৱকজন হৈছে মিজোৰামৰ এল জেদ ভাৰ্তে ।

বুধবাৰে দিনৰ ভাগত ভাৰত যাত্ৰাৰ লক্ষ্যৰে যুৱকজন চাইকেল চলাই উপস্থিত হয় গুৱাহাটীত । যুৱকজনক গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত উপস্থিত হোৱাৰ পিচত অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ তৰফৰ পৰা উষ্ম আদৰণি জনোৱা হয় । পৰিষদৰ অতিৰিক্ত মুখ্য পৰিৱেশ বিজ্ঞানী ড৹ গৌতম কুমাৰ মিশ্ৰ, অভিযন্তা অংকুৰণ পাঠক, বিজ্ঞানী ৰবিউল হকৰ লগতে পৰিষদৰ সদস্য হীৰক জ্যোতি বৰুৱা বৰুৱা আৰু মহানগৰৰ কেবাটাও বাই-চাইকেল আৰোহী সন্থাৰ সদস্যসকল উপস্থিত থাকি এল জেদ ভাৰ্তেক শুভেচ্ছা জনায় । যুৱকজনৰ এই প্ৰচেষ্টাক প্ৰশংসা কৰে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ বিষয়ববীয়াৰ লগতে পৰিৱেশ সচেতন লোকে ৷

লগতে পঢ়ক : সজাগতা সভাই মাদক দ্ৰব্যৰ প্ৰচলন বন্ধ কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰে : আৰক্ষী বিষয়া সঞ্জীৱ ফুলকোঁৱৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.