মৰিগাঁৱৰ মায়ঙত ভয়ংকৰ অগ্নিকাণ্ড

By ETV Bharat Assamese Team

Published : Jan 23, 2024, 7:05 AM IST

thumbnail

মৰিগাঁও, 23 জানুৱাৰী  : সোমবাৰে নিশা মৰিগাঁৱৰ মায়ঙৰ পাতেকীবড়ীত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷ শ্বৰ্টচাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ৷ অগ্নিকাণ্ডৰ ফলত পাতেকীবৰীৰ গাঁৱৰ মতলেব আলীৰ দুটাকৈ বাসগৃহৰ লগতে কেইবা লক্ষাধিক মূল্যৰ সম্পত্তি ভস্মীভূত হয় ৷ ইফালে ৰাইজৰ সহযোগত জাগীৰোড আৰু মৰিগাঁৱৰ পৰা যোৱা অগ্নিনিৰ্বাপক বাহিনীৰ দলে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷

এই ক্ষেত্ৰত ৰাইজে কয়, মতলেব আলীৰ ঘৰত শ্বকচাৰ্কিটৰ ফলত এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত হয় ৷ জুইত সম্পূৰ্ণৰূপে জাহ জায় দুটাকৈ বাসগৃহ ৷ পৰৱৰ্তী সময়ত জাগীৰোড আৰু মৰিগাঁৱৰ পৰা অহা অগ্নিনিৰ্বাপক বাহিনীৰ দলে জুই নিৰ্বাপন কৰে বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : নগাঁৱত আৰক্ষীয়ে বন্ধ কৰিলে ভাৰত জোড়ো ন্যায় যাত্ৰাৰ পথ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.