জোনাইত মিচিং ছবি 'জিৰি'ৰ শুভমুক্তি

By ETV Bharat Assamese Team

Published : Jan 23, 2024, 6:22 PM IST

thumbnail

জোনাই,২৩ জানুৱাৰী: দেওবাৰে সন্ধিয়া জোনাইৰ লাইমেকুৰী একাডেমী প্ৰাংগনত শুভমুক্তি দিয়া হয় বহু প্ৰত্য়াশিত মিচিং ছবি 'জিৰি' । পুঃমি ফিল্মৰ বেনাৰত নিৰ্মাণ কৰা ‘জিৰি’ নামৰ বহু অপেক্ষিত মিচিং ছবিখন মাংগলিক ৰীতি-নীতিৰে শুভমুক্তি দিয়ে লাইমেকুৰী গাঁও পঞ্চায়তৰ সভাপতি কলেশ্বৰ কুলিয়ে । ড৹ গজেন পাংগিঙৰ পৰিচালনা আৰু প্ৰযোজনাৰে নিৰ্মাণ কৰা ছবিখন উপভোগ কৰিবলৈ লাইমেকুৰী অঞ্চলৰ শ শ দৰ্শকে ভিৰ কৰা পৰিলক্ষিত হয় ।  

উল্লেখ্য যে, জোনাই, ডিব্ৰুগড় মাজুলী, বগীবিল আদি বহু ঠাইত দৃশ্য গ্ৰহণ কৰাৰ লগতে ছবিখনত সম্পূর্ণ মিচিং জাতিৰ অন্ধবিশ্বাস, পৰম্পৰাগত সাজপাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি নিৰ্মাণ কৰা হৈছে ।  জোনাইৰ সাংবাদিক পলাশ মেদকৰ পৰিচালনাত অনুষ্ঠিত ছবিখনৰ শুভমুক্তি অনুষ্ঠানত ছবিখনত জড়িত প্ৰতিগৰাকী কলা-কুশলীক ৰাইজৰ আগত পৰিচয় দিয়াৰ লগতে সম্বৰ্ধনা জ্ঞাপন কৰা হয় । শুভমুক্তি দিয়া এই জিৰি নামৰ মিচিং ছবিখন অহা চাৰি ফেব্ৰুৱাৰী তাৰিখে ডিব্ৰুগড় জিলা পুথিভঁড়ালত প্ৰদৰ্শন কৰাৰ লগতে অসমৰ বিভিন্ন প্ৰান্ততো প্ৰদৰ্শন কৰা হ'ব বুলি সদৰী কৰে চিনেমাখনৰ মূখ্য পৰিচালক ও প্ৰয়োজক ড৹ গজেন পাংগিঙে । 

লগতে পঢ়ক: ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পিচত অনুৰাগীক কংগনাই দিলে ডাঙৰ উপহাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.