কংগ্ৰেছে ক্ষমা বিচাৰি যাত্ৰা কৰাৰ আহ্বান পীযুষ হাজৰীকাৰ

By ETV Bharat Assamese Team

Published : Jan 23, 2024, 5:51 PM IST

thumbnail

বিশ্বনাথ, ২২ জানুৱাৰী : কংগ্ৰেছৰ ন্যায় যাত্ৰাক অন্যায় যাত্ৰা আখ্যা মন্ত্ৰী পীযুষ হাজৰীকাৰ । কংগ্ৰেছ হত্যাকাৰীৰ দল বুলিও মন্তব্য মন্ত্ৰীগৰাকীৰ । নেলীৰ হত্যাকাণ্ডৰ পৰা আৰম্ভ কৰি কংগ্ৰেছৰ দিনতে সৰ্বাধিক লোকক হত্যা কৰা হৈছে বুলি গহপুৰত মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰীকাই ।

মঙলবাৰে মন্ত্ৰী পীযুষ হাজৰীকাই গহপুৰ মহকুমাত দুখনকৈ সভাত অংশগ্ৰহণ কৰে । মন্ত্ৰীগৰাকীয়ে গহপুৰ নগৰবাসীৰ চকুলোসদৃশ চত্ৰং নদীৰ ১৯ কোটি ৯৫ লাখ টকাৰ গাৰ্ডৱাল নিৰ্মাণৰ কামৰ আধাৰশিলা স্থাপনৰ লগতে কলাবাৰীত দৰিদ্ৰ সীমাৰেখা তলত বসবাস কৰা হিতাধিকাৰীসকলক ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচীতো অংশ লয় ।

ইয়াৰোপৰি মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ দলৰ সন্দৰ্ভত কয় যে কংগ্ৰেছৰ ন্যায় যাত্ৰাক অন্যায় যাত্ৰা আখ্যা দিয়ে মন্ত্ৰী পীযুষ হাজৰীকাই । কংগ্ৰেছ হত্যাকাৰী দল বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে নেলীৰ হত্যাকাণ্ডৰ পৰা আৰম্ভ কৰি কংগ্ৰেছৰ দিনতে সৰ্বাধিক লোকক হত্যা কৰা হৈছে ৷

লগতে পঢ়ক: কংগ্ৰেছে অসমত বিশেষ একো কৰিব নোৱাৰে : পীযুষ হাজৰীকা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.