নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মজয়ন্তী তথা পৰাক্ৰম দিৱসত উপস্থিত মন্ত্ৰী কেশৱ মহন্ত

By ETV Bharat Assamese Team

Published : Jan 23, 2024, 9:36 PM IST

thumbnail

হোজাই, 23 জানুৱাৰী : হোজাইৰ লালপট্টিত প্লে’ বয় স্পৰ্টছ ক্লাৱৰ উদ্যোগত অনুষ্ঠিত কৰা হয় নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৭ সংখ্যক জন্মজয়ন্তী ৷ নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৭ সংখ্যক জন্মজয়ন্তী তথা পৰাক্ৰম দিৱসত উপস্থিত থাকে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত । কেশৱ মহন্তৰ লগতে ভাষিক সংখ্যালঘূ উন্নয়ন বৰ্ডৰ অধ্যক্ষ তথা প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱ আৰু অন্যান্য বিশিষ্ট অতিথিসকলো উপস্থিত থাকে ।

উক্ত অনুষ্ঠানত উপস্থিত থাকে স্থানীয় বহু লোক ৷ তাত সমবেত হোৱা লোকসকলৰ উপস্থিতিয়ে মন্ত্ৰীজনৰ মনত স্বাধীনতাৰ অমৃত কালৰ কথা সোঁৱৰাই দিয়ে বুলি তেওঁ উল্লেখ কৰে ৷ পৰাক্ৰম দিৱসত বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা অনুষ্ঠিত কৰা হয় বিশেষ সাংস্কৃতিক অনুষ্ঠান । ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বঁটাও বিতৰণ কৰা হয় ৷

লগতে পঢ়ক : কোকৰাঝাৰত উত্তৰ পূৰ্বাঞ্চল মহোৎসৱ আৰম্ভ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.