তৃতীয়বাৰৰ বাবেও নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰধানমন্ত্ৰী হ’ব বুলি দাবী বিধায়ক বিমল বড়াৰ

By ETV Bharat Assamese Team

Published : Jan 28, 2024, 11:25 AM IST

thumbnail

মৰাণ, 28 জানুৱাৰী: সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে টিংখাং বিধানসভা সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হ'ল পূৰ্বৰ মৰাণ সমষ্টিত থকা দিখাৰী মৰাণ গাঁও পঞ্চায়ত, তিলৈ গাঁও পঞ্চায়ত আৰু বামুণবাৰী গাঁও পঞ্চায়ত । টিংখাং সমষ্টিত অন্তভুৰ্ক্ত হোৱা এই তিনিটা পঞ্চায়তত শনিবাৰে নিশালৈকে তিনিখন গুৰুত্বপূৰ্ণ সভাত অংশগ্ৰহণ কৰে কেবিনেট মন্ত্ৰী বিমল বড়াই । তিনিটা পঞ্চায়ততে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে আয়োজন কৰা "অন্তৰংগ আলাপ" অনুষ্ঠানত উপস্থিত হৈ কাৰ্যকৰ্তাসকলৰ সৈতে চিনাকি হোৱাৰ লগতে বাৰ্তালাপ কৰে টিংখাঙৰ বিধায়ক তথা মন্ত্ৰীগৰাকীয়ে । 

অনুষ্ঠানত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বাৰ্তাত মন্ত্ৰী বিমল বড়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ উন্নয়ন হোৱা বুলি দাবী কৰি ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাক তীব্ৰ সমালোচনা কৰে ৷ ৰাইজৰ পৰা আঁতৰত থাকি কৰা ন্যায় যাত্ৰাৰ কোনো মূল্য নাই বুলি কয় বড়াই । ইতিমধ্যে তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদীক দেশৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰিবলৈ ৰাইজে মন বান্ধিছে বুলিও মন্ত্ৰী বিমল বড়াই দাবী কৰে ।

লগতে পঢ়ক: কোন কোন নেতাই দেওবাৰে যোগদান কৰিব বিজেপিত ? জনালে ভৱেশ কলিতাই

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.