লক্ষ্মীনাথ বেজবৰুৱা ছাত্ৰাৱাসৰ সতীৰ্থ সন্মিলনত বিহুগীত গাই আপোন পাহৰা মন্ত্ৰী অতুল বৰা

By ETV Bharat Assamese Team

Published : Jan 22, 2024, 4:42 PM IST

thumbnail

নিউজ ডেস্ক, 22 জানুৱাৰী: হোষ্টেল আপোনাৰ প্ৰিয় নে ? হোষ্টেলৰ স্মৃতিয়ে আপোনাৰো মন পুলকিত কৰে নে ? হোষ্টেলক লৈ কত কাহিনী, কত গান-কবিতাই প্ৰাণ পালে ৷ তেনে বহু কাহিনী, গীত-কবিতা সিঁচৰতি হৈ আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বুকুত, জালুকবাৰীত ৷ জালুকবাৰীলৈ আহিলে সকলোৰে মন তৰুণ হৈ পৰে ৷ কিৰিলি পাৰি হেৰোৱা অতীতক ওভতাই অনাৰ চেষ্টা এবাৰ হ’লেও কৃষ্ণচূড়া নগৰীৰ প্ৰতিগৰাকী প্ৰাক্তন আৱাসীয়েই কৰে ৷ এটা মাত্ৰ সুযোগ বিচাৰি ফুৰে প্ৰতিটো মনেই, এবাৰ উভতি আহিবলৈ জালুকবাৰীলৈ...প্ৰিয় হোষ্টেলটোলৈ ৷ 

গুৱাহাটী বিশ্ববিদ্যালয়ৰ লাষ্ট গেইটত বাছৰ পৰা নামি ভূগোল বিজ্ঞান বিভাগৰ কাষেদিয়েই সোমাই যাব দক্ষিণ কেম্পাচলৈ ৷ সেইফালে গৈয়েই প্ৰথমে পোৱা যায় 12টা কোঠাৰে এটা সৰু অথচ মৰম লগা ছাত্ৰাবাস ৷ পদূলিতে এজোপা ডাঙৰ আমগছ আৰু তাৰ তলতেই এখন লোহাৰ গেট ৷ মূধচত লগোৱা ফলকখনত ডাঙৰকৈ লিখা আছে লক্ষ্মীনাথ বেজবৰুৱা ছাত্ৰাবাস ৷ অসম আৰ্হিৰ এই ছাত্ৰাবাসটোক AT4 বুলিয়েই বিশ্ববিদ্যালয়ত জানে ৷ সমাজৰ বহু প্ৰতিভাধৰ ব্যক্তিৰ একালত এই আবাসটোৱেই আছিল ঠিকনা ৷ দুবছৰ কটোৱা এই হোষ্টেলটোৰ মোহ জানো কোনোবাই এৰিব পাৰে ৷

সেয়ে যোৱা 21 জানুৱাৰীত ছাত্ৰাবাসটোৱে আয়োজন কৰে ন-পুৰণি সতীৰ্থ সন্মিলন ৷ খবৰ পোৱা মাত্ৰকে এই আবাসতে থাকি যোৱা আৰু বৰ্তমান বিভিন্ন ক্ষেত্ৰত কৰ্তব্য পালন কৰি থকা লোকসকলৰ অধিকাংশই ঢপলিয়াই আহিল মৰমৰ হোষ্টেলটোলৈ ৷ অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰাও ছাত্ৰাৱস্থাত আছিল এই ছাত্ৰাবাসৰে এজন আবাসী ৷ হোষ্টেলে মাতিছে নহাকৈনো থাকে কেনেকৈ ! তেৱোঁ আহি উপস্থিত হ’ল AT-4 ত ৷ 

অনুজ ভাতৃসকলৰ সৈতে হাঁহি-স্ফূৰ্তিৰে কিছু সময় অতিবাহিত কৰিলে মন্ত্ৰীগৰাকীয়ে ৷ উলাহতে বিহুগীতো জুৰিলে মন্ত্ৰী বৰাই ৷ লগতে হোষ্টেলটোৰ আবাসীসকলে তাহানিৰে পৰা বৰ্তমানলৈকে বিশ্ববিদ্যালয় সপ্তাহ আদি অনুষ্ঠাত ক্ৰীড়া আৰু সাংস্কৃতিক প্ৰতিযোগিতাত অৰ্জন কৰা পুৰস্কাৰ সমূহো প্ৰত্যক্ষ কৰে ৷ নিজৰ এক্স একাউন্টযোগে মন্ত্ৰী বৰাই শ্বেয়াৰ কৰিছে অতীত ৰোমন্থনৰ এই মধুৰ ক্ষণৰ ভিডিঅ’ ৷ 

লগতে পঢ়ক: মুখ্যমন্ত্রীয়ে অসমখনক গুণ্ডাৰাজলৈ পৰিণত কৰিলে: মীৰা বৰঠাকুৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.