ন্যায় যাত্ৰা সন্দৰ্ভত কি কয় মন্ত্ৰী অতুল বৰাই

By ETV Bharat Assamese Team

Published : Jan 23, 2024, 7:58 PM IST

thumbnail

মাজুলী, 23 জানুৱাৰী :  মঙলবাৰে মাজুলীত উপস্থিত হয় মন্ত্ৰী অতুল বৰা । মাজুলীত উপস্থিত হৈ ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ ওপৰত মন্তব্য আগবঢ়াই মন্ত্ৰী অতুল বৰাই । অফলামুখ ঘাটত মন্তব্য প্ৰকাশ কৰি তেওঁ কয় ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাই অসমত এতিয়া একো প্ৰভাৱ নেপেলায় । যিটো সময়ত ৰাহুল গান্ধীয়ে ন্যায় যাত্ৰা কৰিছে সেই সময়ত ৰাজ্য চৰকাৰে সাধাৰণ ৰাইজৰ বাবে কাম কৰিছে ।

এই সময়ত চৰকাৰে ৰাইজৰ সমস্যাবোৰ সমাধান কৰিব চেষ্টা কৰিছে আৰু একে সময়ত ৰাহুল গান্ধীয়ে সমস্যাসমূহৰ আলোকপাত কৰিছে বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে । আগন্তুক নিৰ্বাচন সম্পৰ্কে তেওঁলোক সাংগঠনিকভাৱে সাজু হোৱাৰ কথা অতুল বৰাই কয় ৷ কাইলৈ যোৰহাটত বুথ পৰ্যায়ৰ সভা অনুষ্ঠিত হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে । আসন সম্পর্কত এতিয়াও একো নিশ্চিত নোহোৱাৰ কথা উল্লেখ কৰে তেওঁ । অন্যহাতে, গোলাঘাটত আছুৰ ভোজৰ সম্পৰ্কত মন্তব্য প্ৰকাশ নকৰো সেইটো তেওঁলোকৰ নিজৰ বিষয় বুলি গা এৰা দিয়ে মন্ত্ৰী গৰাকীয়ে ।

লগতে পঢ়ক : ৰাহুল গান্ধীয়ে উন্নয়নৰ ছবি দেখি অনুশোচনাত ভুগিব : অতুল বৰা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.