কোনে কি বেৰিকেড ভাঙিছে খবৰ ল’বলৈ বোলে সময়েই পোৱা নাই সিংহলে

By ETV Bharat Assamese Team

Published : Jan 24, 2024, 10:54 PM IST

thumbnail

গুৱাহাটী, 24 জানুৱাৰী : "ব্যস্ততাৰ বাবে কোনে বেৰিকেড ভাঙিলে মই নাজানো ৷ মই খবৰ লবলৈ সময় পোৱা নাই ৷" এই মন্তব্য মন্ত্ৰী অশোক সিংহলৰ ৷ ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাত কংগ্ৰেছ কৰ্মীয়ে মহানগৰীৰ খানাপাৰাত আৰক্ষীৰ বেৰিকেড ভঙা সন্দৰ্ভত এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰীজনে ৷

তেওঁ কয় যে, অসমৰ উন্নয়নৰ বাবে বেৰিকেড ভঙা হ’ব ৷ এই বেৰিকেড হ’ল যি সকলে অসমৰ উন্নয়ন বাধা দি বন্ধ কৰি ৰাখিছে ৷ অসমৰ উন্নয়ন স্তব্ধ কৰা বেৰিকেডবোৰ ভাঙি অসমক আত্মনিৰ্ভৰ কৰাৰ যি সপোন মুখ্যমন্ত্ৰীয়ে দেখিছে তাত অৰিহণা যোগাব বুলি মন্তব্য কৰে মন্ত্ৰী সিংহলে ৷

উল্লেখ্য যে, মহানগৰীৰ বশিষ্ঠস্থিত অসম জল কেন্দ্ৰত আজি এক বিশেষ কৰ্মশালাৰ অনুস্থান অনুষ্ঠিত হয় ৷ অসম চৰকাৰৰ জলসিঞ্চন বিভাগৰ উদ্যোগত বুধবাৰে এদিনীয়াকৈ অনুষ্ঠিত কৰা হয় কৰ্মশালাখনি ৷ বহনক্ষম কৃষি উন্নয়নৰ বাবে জলসিঞ্চন খণ্ডত কৰিবলগীয়া উদ্ভাৱনী পদ্ধতি সমূহৰ বিষয়ে আলোচনা কৰা হয় এই কৰ্মশালাত ৷ লগতে অসমৰ নৈ-উপনৈ সমূহৰ সমস্যা তথা ইয়াৰ সমাধানৰ বিষয়েও আলোচনা কৰা হয় ৷

আজিৰ কৰ্মশালা উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী অশোক সিংহলকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি ৷ জলসিঞ্চন বিভাগৰ প্ৰতিটো স্তৰৰ বিষয়ববীয়াই অংশগ্ৰহণ কৰে কৰ্মশালাত ৷ 

লগতে পঢ়ক : মুখ্যমন্ত্ৰীৰ আচৰণত অবাক ৰাজ্যৰ 100 বিশিষ্ট ব্যক্তি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.