বিভিন্ন দাবীৰে চচলত মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীৰ প্ৰতিবাদ

🎬 Watch Now: Feature Video

thumbnail
Mid day meal workers (undefined)

By ETV Bharat Assamese Team

Published : February 9, 2024 at 10:55 PM IST

1 Min Read
Choose ETV Bharat

গুৱাহাটী, ৯ ফেব্ৰুৱাৰী: ন্যাৰ্য প্ৰাপ্তিৰ দাবী তুলি সদৌ অসম প্রাথমিক আৰু উচ্চ প্রাথমিক বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ ৰান্ধনী-সহায়িকা সন্থাই বৃহস্পতিবাৰে চচলত "জনতা ভৱন ঘেৰাও" কাৰ্যসূচী ৰূপায়ণ কৰে । প্ৰতিবাদকাৰীসকলে তেওঁলোকৰ সমস্যা সমাধানৰ দাবী তুলি বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে উত্তাল কৰে চচলৰ ধৰ্ণাস্থলী । প্ৰাপ্য অধিকাৰৰ দাবীত প্ৰতিবাদকাৰীসকলে কেইবাবাৰো ধৰ্ণাস্থলীৰ মূলদ্বাৰৰ বেৰিকেড আঁতৰাই জনতা ভৱন অভিমুখে যোৱাৰ চেষ্টা কৰে যদিও আৰক্ষীৰ বৃহৎ দলে বাধা প্ৰদান কৰে । 

ইয়াৰ পিচত চচলৰ প্ৰতিবাদস্থলীতে তেওঁলোকৰ সমস্যা সমাধান কৰাৰ দাবীত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে । মধ্যাহ্ন ভোজনৰ ৰান্ধনী-সহায়িকা সন্থাই অসমৰ প্ৰাথমিক আৰু উচ্চ প্রাথমিক বিদ্যালয়ত কৰ্মৰত ১,১৮,৯৯৮ গৰাকী ৰান্ধনী আৰু সহায়িকাৰ মাননী ১৫০০ টকাৰ পৰা ৯৬০০ টকালৈ শীঘ্ৰে বৃদ্ধি কৰাৰ লগতে তেওঁলোকক পেন্সন আৰু মেডিকেল ইত্যাদিৰ সুবিধা প্ৰদান কৰাৰ দাবী জনায় ৷ "মধ্যাহ্ন ভোজন" আঁচনিখন কোনো কাৰণতে বে-চৰকাৰী সংস্থাক দিব নোৱাৰিব বুলি উল্লেখ কৰি চাৰি মাহৰ বকেয়া ধন শীঘ্ৰে মুকলি কৰিবলৈ দাবী জনায় মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰে ৷

লগতে পঢ়ক: বিধান সভাত উত্থাপিত হ’ব মিঞা জনগোষ্ঠীৰ সন্দৰ্ভত বিধেয়ক !