জুই নুমুৱাবলৈ গৈ দুৰ্ঘটনাগ্ৰস্ত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী - massive fire breaks out in Duliajan

By ETV Bharat Assamese Team

Published : Apr 3, 2024, 10:10 AM IST

thumbnail

মৰাণ, 3 এপ্ৰিল: জুই নুমুৱাবলৈ গৈ দুৰ্ঘটনাগ্ৰস্ত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ৷ ঘটনা সন্দৰ্ভত জানিবলৈ পৰা মতে, ৰাজ্যত অব্যাহত মুষলধাৰ বৰষুণ ৷ এই বৰষুণৰ মাজতে মংগলবাৰে দুলীয়াজানত সংঘটিত হয় ভয়াৱহ অগ্নিকাণ্ড । দুলীয়াজানৰ ছলাকটকীত অৱস্থিত ব্যৱসায়িক প্ৰতিষ্ঠানত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনাটো । 

ভয়াৱহ অগ্নিকাণ্ডত কেবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান ধ্বংস হয় । লগতে, অগ্নিকাণ্ডত কেবাখনো ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিস্তৰ ক্ষতিসাধন হয় । ইফালে জুই নিৰ্বাপিত কৰিবলৈ যোৱা অইল ইণ্ডিয়া লিমিটেডৰ AS-06-BC-8082 নম্বৰৰ‌ এখন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী খাৱৈত বাগৰি পৰে । 

মুষলধাৰ বৰষুণৰ ফলত পথচোৱা বোকাময় হোৱাৰ বাবে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীখন পথৰ কাষৰ খাৱৈত বাগৰি পৰে বুলি জানিব পৰা গৈছে । অৱশ্যে এই দুৰ্ঘটনাত কোনো লোক আহত হোৱা নাই বুলি জানিব পৰা গৈছে ।এই ঘটনাৰ পাছত অইল আৰু অসম গেছ কোম্পানীৰ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় । অগ্নিকাণ্ডৰ সূত্ৰপাতৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই ।

লগতে পঢ়ক: ডেম্পত ভয়াবহ অগ্নিকাণ্ড, লক্ষাধিক টকাৰ সা-সামগ্ৰী ভস্মীভূত - fire breaks out in Demp

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.