শিলচৰ চিৰুয়াকান্দিত ভয়ংকৰ অগ্নিকাণ্ড

By ETV Bharat Assamese Team

Published : Jan 29, 2024, 10:42 PM IST

thumbnail

কাছাৰ, 29 জানুৱাৰী : ৰাজপথত দাউদাউকৈ জ্বলি উঠিল তেলভৰ্তি এখন টেংকাৰ । অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত কথমপি ৰক্ষা পৰে সমগ্ৰ অঞ্চল । জানিব পৰা মতে, শিলচৰ চিৰুয়াকান্দি পইন্টত সোমবাৰে আবেলি হঠাৎ এখন তেলভৰ্তি চলন্ত টেংকাৰত জুইৰ সূত্ৰপাত ঘটে । মুহূৰ্ততে জুইৰ কৱলত পৰে টেংকাৰখন আৰু ৰাজপথত দাউদাউকৈ জ্বলি উঠে তেলভৰ্তি টেংকাৰখন ।

চলন্ত গাড়ীত অগ্নিকাণ্ডৰ ঘটনা প্ৰত্যক্ষ কৰি মানুহ ভৰি পৰে অঞ্চলটোত ৷ এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় । খবৰ পাই তাৎক্ষণিকভাৱে ঘটনাস্থলীত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনীৰ দুখন বাহন । অগ্নিনিৰ্বাপক বাহিনীৰ প্ৰায় ঘণ্টাজোৰা প্ৰচেষ্টাত জুই নিয়ন্ত্ৰণলৈ আহে । ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰে সমগ্ৰ অঞ্চলটো  । ঘটনাত আহত হৈছে টেংকাৰখনৰ চালক ৰগুনাথ চৌধুৰী ।

জানিব পৰা মতে, কাছাৰ ময়নাৰবন্দৰ তেল ডিপোৰ পৰা তেল ভৰাই বৰজালেংগাৰলৈ ৰাওনা হৈছিল টেংকাৰখন । যান্ত্ৰিক বিজুতিৰ ফলত টেংকাৰখনত জুইৰ সূত্ৰপাত ঘটে বুলি সন্দেহ কৰা হৈছে ।

লগতে পঢ়ক : অভয়াপুৰীত ভয়ংকৰ অগ্নিকাণ্ডত ছাই হ'ল পাঁচ লক্ষাধিক টকাৰ সম্পত্তি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.