ন্যায় যাত্ৰাৰ বিৰোধিতাৰে লখিমপুৰত প্ৰতিবাদ অসম আন্দোলনৰ শ্বহীদ নিৰ্যাতিত পৰিয়ালৰ

By ETV Bharat Assamese Team

Published : Jan 20, 2024, 1:26 PM IST

Updated : Jan 20, 2024, 2:19 PM IST

thumbnail

লখিমপুৰ, 20 জানুৱাৰী : ‘‘সমগ্ৰ ভাৰততে ন্যায় যাত্ৰা কৰি থকা ৰাহুল গান্ধীয়ে কাক ন্যায় দিব ’’ ভাৰত জোড়ো ন্যায় যাত্ৰাত ব্যস্ত থকা ৰাহুল গান্ধীলৈ এই প্ৰশ্ন শ্বহীদ পৰিয়ালৰ ৷ উল্লেখ্য যে, গোগামুখৰ পৰা লখিমপুৰত আজি ভাৰত ন্যায় যাত্ৰা উপস্থিত হ’ব ৷ কিন্তু কংগ্ৰেছৰ ন্যায় যাত্ৰাৰ বিৰুদ্ধে লখিমপুৰৰ খেলমাটিত প্ৰতিবাদত সাব্যস্ত কৰিছে অসম আন্দোলনৰ শ্বহীদ নিৰ্যাতিত পৰিয়ালসমূহে ৷

প্ৰতিবাদকাৰীসকলে কয়, ‘‘ৰাহুল গান্ধীয়ে কাক ন্যায় দিবলৈ অসমলৈ আহিছে ? তেওঁ ন্যায় যাত্ৰাৰ সলনি প্ৰায়শ্চিত্ত কৰিবলৈ হে অসমলৈ অহা উচিত আছিল ৷ কাৰণ কংগ্ৰেছ চৰকাৰৰ দিনত ছবছৰীয়া অসম আন্দোলনত 855 জন শ্বহীদ হৈছিল ৷ পংগু হৈছিল বহুজন ৷ বহু যুৱতী-মহিলা ধৰ্ষিতা, লাঞ্ছিত হৈছিল ৷ সেইখিনিক কংগ্ৰেছে কি দিলে ? ৰাহুল গান্ধীয়ে পাৰিবনে সেইসকল শ্বহীদক ঘূৰাই দিবলৈ ? জীৱনলৈ পংগু হোৱা সকলক তেওঁ কি ন্যায় দিব?’’

লগতে পঢ়ক :ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাত ন্যায় যোদ্ধা হ'বলৈ আহ্বান অলকা লাম্বাৰ

Last Updated : Jan 20, 2024, 2:19 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.