কলিয়াবৰৰ ভড়ালী নামঘৰত মাঘী পূৰ্ণিমা পালন

By ETV Bharat Assamese Team

Published : Feb 24, 2024, 3:56 PM IST

thumbnail

কলিয়াবৰ, ২৪ ফেব্ৰুৱাৰী: শতিকাজোৰা পৰম্পৰা ৰক্ষা কৰি প্ৰত্যেক বছৰৰ দৰে এইবাৰো কলিয়াবৰৰ ভড়ালী নামঘৰত পালন কৰা হৈছে মাঘী পূৰ্ণিমা । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা ভক্তপ্ৰাণ ৰাইজৰ সমাগমৰে উদুলি-মুদুলি হৈ পৰিছে ভড়ালী নামঘৰ । আজি শ শ ভক্তপ্ৰাণ ৰাইজৰ সমাগম হয় ভড়ালী নামঘৰত। পুৱাৰে পৰাই নাম-প্ৰসংগ,ভক্তি আৰাধনাৰে মুখৰিত হৈ পৰে ভড়ালী নামঘৰ ।  

উল্লেখ্য় যে ১৫৯৪ শকতে স্থাপন হোৱা ভড়ালী নামঘৰত প্ৰত্যেকবছৰে উলহ-মালহৰে পালন কৰি আহিছে কলিয়াবৰ তথা ভড়ালী গাঁৱবাসীয়ে । আজি পুৱা ধৰ্মধ্বজা উত্তোলন কৰে কলিয়াবৰৰ বয়োজ্যেষ্ঠ ব্যক্তি নোমৰ চন্দ্ৰ বৰাই । তাৰ পাচতে কলিয়াবৰৰ কেইবাগৰাকী ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।  

দুপৰীয়া নাম-প্ৰসঙ্গত অংশগ্ৰহণ কৰে ভকত-বৈষ্ণৱে । কাইলৈ সামৰণিৰ দিনা নিশা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ 'ৰাম বিজয়' অঙ্কীয়া নাট পৰিৱেশন কৰিব ভঁৰালী গাঁৱৰ লগতে কলিয়াবৰৰ বাচকবনীয়া কুশীলৱ সকলে ।

লগতে পঢ়ক:ইণ্ডি এলায়েন্সত থাকিলেও ডিব্ৰুগড় লোকসভা সমষ্টি এৰি নিদিয়ে আপে !

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.