ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাত নলবাৰীৰ ঐতিহাসিক বিল্বেশ্বৰ দেৱালয়ত এক লাখ বন্তি প্ৰজ্বলন

By ETV Bharat Assamese Team

Published : Jan 22, 2024, 8:02 PM IST

thumbnail

নলবাৰী, ২২ জানুৱাৰী : ৫০০ বছৰীয়া বিবাদৰ অৱসানত আজি প্ৰাণ প্ৰতিষ্ঠা হ’ল ভগৱান শ্ৰীৰাম মন্দিৰৰ ৷ অযোধ্যাত প্ৰাণ প্ৰতিষ্ঠা কৰা হ’ল ৰাম মন্দিৰৰ । নলবাৰীৰ ইতিহাস প্ৰসিদ্ধ বিল্বেশৰ দেৱালয়ত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পিচতে এক লক্ষ বন্তি প্ৰজ্বলন কৰা হয় । পুৱাৰে পৰা অনুষ্ঠিত হৈ থকা বিভিন্ন মাংগলিক কাৰ্যসূচীৰ পিচতে আবেলি চাৰি বজাৰ পিচৰ পৰা একলাখ বন্তি প্ৰজ্বলন কৰা হয় ঐতিহাসিক বিল্বেশ্বৰ দেৱালয়ত ।

উক্ত অনুষ্ঠানত উপস্থিত থাকি বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে নলবাৰী জিলা আয়ুক্ত বৰ্ণালী ডেকাই । আনহাতে বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকলৰ লগতে বন্তি প্ৰজ্বলন কৰে বিল্বেশৰ দেৱালয়ৰ দলৈ ৰঞ্জিত মিশ্ৰই । এই বন্তি প্ৰজ্বলন কাৰ্যসূচীত উপস্থিত থাকে প্ৰায় দুই হাজাৰ লোক ৷ উল্লেখ্য যে, পুৱাৰে পৰা ঐতিহাসিক শক্তিপীঠখনত ভগৱান শ্ৰীৰামৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে প্ৰস্তুতি চলাই থকা হৈছিল ৷

লগতে পঢ়ক : ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে গোলাঘাটত বিশাল শোভাযাত্ৰা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.