ডিব্ৰুগড়ৰ মোহনবাৰীত নাহৰফুটুকীৰ আতংক

By ETV Bharat Assamese Team

Published : Mar 3, 2024, 12:49 PM IST

thumbnail

ডিব্ৰুগড়,৩ মাৰ্চ: ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তত বছৰৰ পাচত বছৰ বাঘৰ ত্ৰাসৰ বাবে হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে উক্ত অঞ্চলৰ ৰাইজ । বন বিভাগে জিলাখনৰ বিভিন্ন প্ৰান্তত বাঘ পিঞ্জৰাবদ্ধ কৰিছে যদিও বাঘৰ উপদ্ৰৱ কমা নাই । ইয়াৰ মাজতে যোৱা সপ্তাহতে ডিব্ৰুগড়ত দুটাকৈ মৃত নাহৰফুটুকী উদ্ধাৰ হৈছে । কিন্তু ইয়াৰ মাজতে ডিব্ৰুগড়ৰ মোহনবাৰীত নাহৰফুটুকীৰ আতংক । জনবসতিপূৰ্ণ এলেকাৰ এটা কালভাৰ্টৰ ভিতৰত সোমাল নাহৰফুটুকীটো ।

নাহৰফুটুকীটোক চাবলৈ হেতা-ওপৰা কৰে স্থানীয় ৰাইজে । কোনোবাই যদি জুমি জুমি চাইছে আকৌ আন কোনোৱে ম'বাইলৰ কেমেৰাত ফটো তোলাত ব্যস্ত হৈ পৰিছে । বৰ্তমান বন বিভাগৰ কোনো লোক উপস্থিত হৈছে যদিও অঞ্চলটোত মাৰ যোৱা নাই আতংকময় পৰিৱেশৰ ।

উল্লেখ্য যে, কিছুদিনৰ পূৰ্বে একেটা অঞ্চলৰ অন্য এটা কালভাৰ্টৰ ভিতৰত নাহৰফুটুকী বাঘ সোমাইছিল ৷ আজি পুনৰ আকৌ কালভাৰ্টৰ ভিতৰত নাহৰফুটুকী সোমোৱাত আচৰিত হৈ পৰিছে স্থানীয় ৰাইজ ।

লগতে পঢ়ক: সোণাৰিত আত্মসমৰ্পণ আলফা (স্বা) কেডাৰৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.