ডিব্ৰুগড়ৰ মোহনবাৰীত নাহৰফুটুকীৰ আতংক - মোহনবাৰীত নাহৰফুটুকীৰ আতংক

🎬 Watch Now: Feature Video

thumbnail
ডিব্ৰুগড়ৰ মোহনবাৰীত নাহৰফুটুকীৰ আতংক (undefined)

By ETV Bharat Assamese Team

Published : March 3, 2024 at 12:49 PM IST

1 Min Read
Choose ETV Bharat

ডিব্ৰুগড়,৩ মাৰ্চ: ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তত বছৰৰ পাচত বছৰ বাঘৰ ত্ৰাসৰ বাবে হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে উক্ত অঞ্চলৰ ৰাইজ । বন বিভাগে জিলাখনৰ বিভিন্ন প্ৰান্তত বাঘ পিঞ্জৰাবদ্ধ কৰিছে যদিও বাঘৰ উপদ্ৰৱ কমা নাই । ইয়াৰ মাজতে যোৱা সপ্তাহতে ডিব্ৰুগড়ত দুটাকৈ মৃত নাহৰফুটুকী উদ্ধাৰ হৈছে । কিন্তু ইয়াৰ মাজতে ডিব্ৰুগড়ৰ মোহনবাৰীত নাহৰফুটুকীৰ আতংক । জনবসতিপূৰ্ণ এলেকাৰ এটা কালভাৰ্টৰ ভিতৰত সোমাল নাহৰফুটুকীটো ।

নাহৰফুটুকীটোক চাবলৈ হেতা-ওপৰা কৰে স্থানীয় ৰাইজে । কোনোবাই যদি জুমি জুমি চাইছে আকৌ আন কোনোৱে ম'বাইলৰ কেমেৰাত ফটো তোলাত ব্যস্ত হৈ পৰিছে । বৰ্তমান বন বিভাগৰ কোনো লোক উপস্থিত হৈছে যদিও অঞ্চলটোত মাৰ যোৱা নাই আতংকময় পৰিৱেশৰ ।

উল্লেখ্য যে, কিছুদিনৰ পূৰ্বে একেটা অঞ্চলৰ অন্য এটা কালভাৰ্টৰ ভিতৰত নাহৰফুটুকী বাঘ সোমাইছিল ৷ আজি পুনৰ আকৌ কালভাৰ্টৰ ভিতৰত নাহৰফুটুকী সোমোৱাত আচৰিত হৈ পৰিছে স্থানীয় ৰাইজ ।

লগতে পঢ়ক: সোণাৰিত আত্মসমৰ্পণ আলফা (স্বা) কেডাৰৰ

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details