কাকপথাৰত ৩ কিলোমিটাৰ দৈৰ্ঘৰ ধৰ্মধ্বজাৰে সমদল উলিয়াই অভিলেখ

By ETV Bharat Assamese Team

Published : Jan 22, 2024, 10:06 PM IST

thumbnail

তিনিচুকীয়া, ২২ জানুৱাৰী : সোমবাৰে অযোধ্যাৰ ৰাম মন্দিৰত শ্ৰীৰামৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে সমগ্ৰ দেশতে অভূতপূৰ্ব উছাহ পৰিলক্ষিত হয় ৰামভক্তসকলৰ মাজত ৷ সমগ্ৰ দেশতে পুৱাৰে পৰা ব্যস্ত হৈ পৰে সকলো ৷ দেশৰ লগতে ৰাজ্যতো বিভিন্ন প্ৰান্তত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয় ৷

তিনিচুকীয়া জিলাৰ কাকপথাৰত হিন্দু-সনাতনী সমাজে এক ব্যতিক্ৰম ৰূপত ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাৰ উছাহ প্ৰদৰ্শন কৰা দেখা গ’ল । কাকপথাৰবাসীয়ে ৩ কিলোমিটাৰ দৈৰ্ঘৰ এক ধৰ্মধ্বজা তৈয়াৰ কৰি কাকপথাৰ হনুমান মন্দিৰৰ পৰা ৩ কিলোমিটাৰ দূৰত্বত অৱস্থিত চেলেংগুৰি শিৱ মন্দিৰলৈকে হাতে হাতে লৈ এক আকৰ্ষণীয় সমদলৰ আয়োজন কৰে ৷

প্ৰায় ৫ সহস্ৰাধিক আবাল-বৃদ্ধ-বনীতাই এই ব্যতিক্ৰম সমদলত অংশগ্ৰহণ কৰে । কাকপথাৰ অঞ্চলৰ সকলো বাণিজ্যিক অনুষ্ঠান-প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে বন্ধ ৰাখি জাতি-ধৰ্ম-ভাষা নিৰ্বিশেষে সকলো ৰাইজে সমদলত অংশগ্ৰহণ কৰি এক অভিলেখ গঢ়াৰ প্ৰয়াস কৰে ৷ আজি কাকপথাৰ জয় শ্ৰীৰাম শ্ল’গানেৰে মুখৰিত হৈ পৰে ৷

লগতে পঢ়ক : জনসমুদ্ৰত পৰিণত যোৰহাট নগৰৰ ঠাকুৰবাৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.