নলবাৰীৰ বিদ্যালয়ত শিক্ষকৰ ৰূপত আই পি এছ বিবেকৰাজ সিং

By ETV Bharat Assamese Team

Published : Feb 7, 2024, 4:04 PM IST

thumbnail

নলবাৰী, 7 ফেব্ৰুৱাৰী: এফালে মাধ্যম বিতৰ্কক লৈ সদৌ অসম ছাত্ৰ সন্থাৰ আন্দোলন আৰু আনফালে বিদ্যালয়ত চলি আছে গুণোৎসৱ । চৰকাৰী শিক্ষানুষ্ঠানৰ শৈক্ষিক মানদণ্ড উন্নত কৰাৰ পৰিকল্পনাৰে নলবাৰীতো চলি আছে গুণোৎসৱ ।

উল্লেখ্য যে নলবাৰী জিলাৰ ১০৩৯ খন বিদ্যালয়ত চলিছে গুণোৎসৱ । বিদ্যালয়ে বিদ্যালয়ে চলিছে বহী মূল্যায়ন প্ৰক্ৰিয়া । ৪৮৩ গৰাকী বহি মূল্যায়কে মূল্যাংকন কৰিব বিদ্যালয়ৰ বহী । ৩৮৬ টা গ্ৰুপত ভাগ কৰি বিদ্যালয় পৰ্যবেক্ষণ কৰাৰ বাবে পৰিকল্পনা কৰা হৈছে ৷

নলবাৰীলৈ বৰপেটা জিলাৰ পৰা অনা হৈছে ১০০ গৰাকী বহী মূল্যায়ক । আনহাতে নলবাৰীত কেবাগৰাকীও আই এ এছ, আই পি এছ বিষয়াক বিদ্যালয় পৰ্যবেক্ষণ কৰাৰ দায়িত্ব দিয়া হৈছে । এশ বছৰ গৰকা নলবাৰীৰ ৪০৮ নং মুগকুছি প্ৰাথমিক বিদ্যালয়ত উপস্থিত হয় আৰক্ষী মহাপৰিদৰ্শক বিবেকৰাজ সিং । আই পি এছগৰাকীয়ে বিদ্যালয়খনৰ আন্তঃগাঁথনিকে ধৰি ছাত্ৰ-ছাত্ৰীৰ অনুশীলন শৈলীক লৈ আনন্দিত অনুভৱ কৰে ।

লগতে পঢ়ক: মাধ্যম বিতৰ্ক : চৰকাৰৰ মাধ্যম বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ আছুৰ ১৩ ঘন্টীয়া অনশন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.