কাছাৰত বালিৰ অবৈধ খনন অব্যাহত; নিদ্ৰাৰত বন বিভাগ !

By ETV Bharat Assamese Team

Published : Feb 7, 2024, 10:50 PM IST

thumbnail

কাছাৰ, 7 ফেব্ৰুৱাৰী : বালিৰ অবৈধ খননৰ ফলত নদীৰ খহনীয়াই এক আতংকময় ৰূপ ধাৰণ কৰিছে সোণাবাৰীঘাটত ৷ উক্ত অঞ্চলটোত অবৈধ খননৰ জৰিয়তে চলি আছে বালিৰ চোৰাং ব্যৱসায় । বন বিভাগক মেনেজ কৰি মুক্তভাৱে বালি কঢ়িয়াই আছে মাফিয়াই । বন বিভাগৰ নিষ্ক্ৰিয় ভূমিকাক লৈ জনসাধাৰণৰ মনত বহু প্ৰশ্ন উত্থাপন হৈছে ৷

যি সময়ত চৰকাৰে দুৰ্নীতি আৰু মাফিয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে, সেই সময়তে ভূ-মাফিয়াই গা কৰি উঠিছে । কাছাৰ সদৰ বন বিভাগগৰ অধীনত সোণাবাৰীঘাট অঞ্চলত বনজ সম্পদৰ লুণ্ঠন মুক্তভাৱে চলি আছে । বিগত কিছুদিন ধৰি একাংশ বালি মাফিয়াই অবৈধভাৱে বৰাক নদীৰ পৰা বালি উলিয়াই আছে । বন বিভাগে পৰিচালনা নকৰাকৈ প্ৰতিদিনে বালি চোৰাংকৈ সৰবৰাহ হৈ আছে । ফলত চৰকাৰে লাখ লাখ টকাৰ ৰাজহ হেৰুৱাইছে ।

স্থানীয় ৰাইজৰ মতে, বনকৰ্মীক মেনেজ কৰি ভূ-মাফিয়াই এই ছিণ্ডিকেটসমূহ চলাই আছে । অবৈধ বালি নিষ্কাশনৰ ফলত অঞ্চলটোৰ বিভিন্ন প্ৰান্তত বৰাক নদীৰ খহনীয়াই বিপদজনক ৰূপ ধাৰণ কৰিছে । নদীৰ খহনীয়াৰ বাবে বহুতে হেৰুৱাইছে মাটি ।

লগতে পঢ়ক : অবৈধ বালি খনন ৰোধৰ দাবীত কলগাছিয়াত ৰাইজ ওলাই আহিল ৰাজপথলৈ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.