আস্থা স্পেচিয়েল ৰে’লেৰে হোজাইৰ পৰা অযোধ্যালৈ যাত্ৰা তীৰ্থযাত্ৰীৰ

By ETV Bharat Assamese Team

Published : Feb 6, 2024, 8:23 PM IST

thumbnail

হোজাই, 6 ফেব্ৰুৱাৰী: হোজাই ৰে’ল ষ্টেচনত অযোধ্যালৈ যাবলগীয়া আস্থা স্পেচিয়েল ৰে’লৰ যাত্ৰীৰ বাবে বিশেষ সহায় কেন্দ্ৰ মুকলি কৰা হয় ৷ ইয়াৰোপৰি ৰে’ল বিভাগে উষ্ম আদৰণি জনায় অয্যোধালৈ যাবলগীয়া যাত্ৰীসকলক  ।

উল্লেখ্য যে লিডুৰ পৰা অযোধ্যালৈ যাত্ৰা আৰম্ভ কৰিছে 58 গৰাকী তীৰ্থযাত্ৰীয়ে ৷ উক্ত যাত্ৰীসকলক একোখনকৈ পৰিচয় পত্ৰ প্ৰদান কৰাৰ উপৰিও ফুলৰ মালাৰে উষ্ম আদৰণি জনায় হয় ৰে’ল বিভাগে  ।

মঙলবাৰে হোজাই জিলাৰ পৰা অযোধ্যালৈ যাত্ৰা আৰম্ভ কৰা তীৰ্থযাত্ৰীসকলৰ বাবে থকা-খোৱা সকলো ব্যৱস্থা কৰি দিয়ে হোজাই জিলা বিজেপিৰ তৰফৰ পৰা আৰু এই ব্যৱস্থাপনা অহা মাৰ্চ মাহৰ ১৫ তাৰিখলৈ চলিব ৷  এই তথ্য সংবাদ মাধ্যমৰ আগত সদৰী কৰে হোজাই জিলা বিজেপিৰ সভাপতি অনুপ দেৱে ।

লগতে পঢ়ক: অযোধ্যা ভ্ৰমণৰ পৰিকল্পনা কৰিছে নেকি ? কেনেকৈ কৰিব ভ্ৰমণ জানি লওক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.