ধুমুহাই তচনচ কৰিলে পয় লেং অনুষ্ঠানৰ পেণ্ডেল

By ETV Bharat Assamese Team

Published : Feb 2, 2024, 3:46 PM IST

thumbnail

মৰাণ, 2 ফেব্ৰুৱাৰী : শুকুৰবাৰে পুৱাই চৰাইদেউ জিলাৰ সোণাৰিত প্ৰচণ্ড ধুমুহা আৰু শিল-বৰষুণে বিস্তৰ ক্ষতিসাধন কৰে । এই ধুমুহাৰ ফলত অঞ্চলটোত বহু ঘৰ-দুৱাৰ, ৰাজহুৱা প্ৰতিষ্ঠানৰ লগতে গছ-গছনি ধ্বংস হয় । ইয়াৰোপৰি বিভিন্ন স্থানত ধুমুহাৰ ফলত ভালেসংখ্যক গছ বাগৰি পৰাৰ ফলত বৈদ্যুতিক তাঁৰ ছিঙি যায় ৷ লগতে বিদ্যুতৰ খুঁটা পৰ্যন্ত ভাঙি পৰে । তাৰ ফলশ্ৰুতিত এলেকাটোৰ ঠায়ে ঠায়ে বিদ্যুৎ সেৱা ব্যাহত হৈ আছে ৷ এই ধুমুহাৰ প্ৰকোপ ইমানেই ভয়ংকৰ আছিল যে, সোণাৰিৰ চলাপথাৰ শ্যাম গাঁৱত আয়োজন কৰিবলৈ লোৱা পয় লেং অনুষ্ঠানৰ পেণ্ডেল ধুমুহাৰ তাণ্ডৱত ভাঙি চূৰ্ণ-বিচূৰ্ণ হয় । 

উল্লেখ্য যে, 3 ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়াকৈ চলাপথাৰবাসীয়ে পয় লেং অনুষ্ঠানৰ আয়োজন কৰিছিল । অনুষ্ঠান আৰম্ভণিৰ পূৰ্বে এনেদৰে পেণ্ডেল ভাগি পৰাত ব্যাপক অসুবিধাৰ সন্মুখীন হয় উদযাপন সমিতি ।

লগতে পঢ়ক: Heavy Storm In Karbi Anglong : প্ৰচণ্ড ধুমুহাৰ তাণ্ডৱ, কাৰ্বি আংলঙত ৰুষ্ট প্ৰকৃতিৰ ধ্বংসলীলা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.