বাক্সাত মনসা পূজাৰ সোণালী জয়ন্তী আৰম্ভ - Manasa Puja in Baksa

🎬 Watch Now: Feature Video

thumbnail
বাক্সাত মনসা পূজাৰ সোণালী জয়ন্তী আৰম্ভ (undefined)

By ETV Bharat Assamese Team

Published : February 28, 2024 at 7:17 PM IST

1 Min Read
Choose ETV Bharat

বাক্সা, ২৮ ফেব্ৰুৱাৰী : বুধবাৰৰ পৰা বাক্সা জিলাৰ মনসাত আৰম্ভ হৈছে ৮ দিনীয়া মনসা পূজাৰ সোণালী জয়ন্তী । আৰম্ভণিৰ দিনাৰ কাৰ্যসূচীত বাৰেৰহণীয়া কৃষ্টি-সংস্কৃতিৰ দল আৰু বৃহত্তৰ অঞ্চলৰ ৰাইজে উলিয়াই এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা । বিটিচিৰ কাৰ্যবাহী সদস্য তথা উদযাপন সমিতিৰ সভাপতি ৰাকেশ ব্ৰহ্মই উদ্বোধন কৰা এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰে অঞ্চলটোৰ সহস্ৰাধিক ভক্তই । 

আনহাতে, ৮ দিন ধৰি চলিবলগা এই সোণালী জয়ন্তীৰ প্ৰতিটো কাৰ্যসূচীতে ৰাইজৰ সহায়-সহযোগিতা কামনা কৰিছে ৰাকেশ ব্ৰহ্মই । উল্লেখ্য যে সাংস্কৃতিক শোভাযাত্ৰাৰ পিচত অনুষ্ঠিত মুকলি সভাত অংশগ্ৰহণ কৰে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ লগতে কেইবাগৰাকীও মন্ত্ৰীয়ে । আনহাতে, মনসা পূজাৰ সোণালী জয়ন্তীৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা স্মৃতিগ্ৰন্থ উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভানেত্ৰী মৃণালিনী দেৱীয়ে । 

উদ্যোক্তাসকলে জনোৱা মতে, এই সোণালী জয়ন্তীৰ প্ৰতিদিনেই অনুষ্ঠিত হ'ব বিভিন্ন আকৰ্ষণীয় অনুষ্ঠান । ইয়াৰ উপৰি ৬ মাৰ্চৰ সাংস্কৃতিক সন্ধিয়াত যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰব জুবিন গাৰ্গে সংগীতানুষ্ঠান পৰিবেশন কৰিব বুলি জনাই উদযাপন সমিতিৰ সভাপতি ৰাকেশ ব্ৰহ্মই ।

লগতে পঢ়ক :বোকাখাতৰ গড়মূৰত একেখন ৰভাতলিত বিয়াত বহিল ৩২ যোৰা দৰা-কইনা

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details