বাক্সাত মনসা পূজাৰ সোণালী জয়ন্তী আৰম্ভ

By ETV Bharat Assamese Team

Published : Feb 28, 2024, 7:17 PM IST

thumbnail

বাক্সা, ২৮ ফেব্ৰুৱাৰী : বুধবাৰৰ পৰা বাক্সা জিলাৰ মনসাত আৰম্ভ হৈছে ৮ দিনীয়া মনসা পূজাৰ সোণালী জয়ন্তী । আৰম্ভণিৰ দিনাৰ কাৰ্যসূচীত বাৰেৰহণীয়া কৃষ্টি-সংস্কৃতিৰ দল আৰু বৃহত্তৰ অঞ্চলৰ ৰাইজে উলিয়াই এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা । বিটিচিৰ কাৰ্যবাহী সদস্য তথা উদযাপন সমিতিৰ সভাপতি ৰাকেশ ব্ৰহ্মই উদ্বোধন কৰা এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰে অঞ্চলটোৰ সহস্ৰাধিক ভক্তই । 

আনহাতে, ৮ দিন ধৰি চলিবলগা এই সোণালী জয়ন্তীৰ প্ৰতিটো কাৰ্যসূচীতে ৰাইজৰ সহায়-সহযোগিতা কামনা কৰিছে ৰাকেশ ব্ৰহ্মই । উল্লেখ্য যে সাংস্কৃতিক শোভাযাত্ৰাৰ পিচত অনুষ্ঠিত মুকলি সভাত অংশগ্ৰহণ কৰে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ লগতে কেইবাগৰাকীও মন্ত্ৰীয়ে । আনহাতে, মনসা পূজাৰ সোণালী জয়ন্তীৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা স্মৃতিগ্ৰন্থ উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভানেত্ৰী মৃণালিনী দেৱীয়ে । 

উদ্যোক্তাসকলে জনোৱা মতে, এই সোণালী জয়ন্তীৰ প্ৰতিদিনেই অনুষ্ঠিত হ'ব বিভিন্ন আকৰ্ষণীয় অনুষ্ঠান । ইয়াৰ উপৰি ৬ মাৰ্চৰ সাংস্কৃতিক সন্ধিয়াত যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰব জুবিন গাৰ্গে সংগীতানুষ্ঠান পৰিবেশন কৰিব বুলি জনাই উদযাপন সমিতিৰ সভাপতি ৰাকেশ ব্ৰহ্মই ।

লগতে পঢ়ক :বোকাখাতৰ গড়মূৰত একেখন ৰভাতলিত বিয়াত বহিল ৩২ যোৰা দৰা-কইনা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.