চৰকাৰী আঁচনিৰ নামত ধন সংগ্ৰহ কৰা প্ৰৱঞ্চকক ৰাইজে গতালে আৰক্ষীক

By ETV Bharat Assamese Team

Published : Feb 14, 2024, 2:52 PM IST

thumbnail

নলবাৰী, ১৪ ফেব্ৰুৱাৰী: নলবাৰীৰ মুকালমুৱাত চৰকাৰী আঁচনিৰ নামত ধন সংগ্ৰহ কৰা এটা প্ৰৱঞ্চকক ৰাইজে ধৰি গতাই দিলে আৰক্ষীক । প্ৰৱঞ্চকটোৰ নাম নগেন মহন্ত । প্ৰৱঞ্চকটোৱে দীৰ্ঘদিন ধৰি চৰকাৰী আঁচনিত নাম অন্তৰ্ভুক্ত কৰি দিয়াৰ নামত অঞ্চলটোৰ একাংশ দৰিদ্ৰ লোকৰ পৰা সংগ্ৰহ কৰি আহিছিল ধন ।

অৰুণোদয় আচঁনি, প্ৰধানমন্ত্ৰী আবাস যোজনা আদি বিভিন্ন আঁচনিত নাম অন্তৰ্ভুক্ত কৰি দিয়াৰ নামত অঞ্চলটোৰ লোকসকলৰ পৰা প্ৰবঞ্চকটোৱে ধন সংগ্ৰহ কৰি আহিছিল । প্ৰৱঞ্চক নগেন মহন্তই একাংশ লোকৰ পৰা অৰুণোদয় আঁচনিত নাম অন্তৰ্ভুক্ত কৰাৰ নামত ৫০০ টকাকৈ আৰু প্ৰধানমন্ত্ৰী আবাস যোজনাত নাম অন্তৰ্ভুক্ত কৰাৰ নামত ২০০০ টকাকৈ সংগ্ৰহ কৰিছিল ।

পিছত একাংশ ভুক্তভোগী লোকে প্ৰবঞ্চক নগেন মহন্তক ধৰি মুকালমুৱা আৰক্ষীক গতাই দিয়ে । ভুক্তভোগী লোকসকলৰ অভিযোগৰ ভিত্তিত মুকালমুৱা আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে । প্ৰবঞ্চক নগেন মহন্তৰ ঘৰ মুকালমুৱাৰ আদাবাৰীত বুলি জানিবপৰা গৈছে । চৰকাৰী আঁচনিৰ নামত প্ৰবঞ্চনাৰে ধন সংগ্ৰহ কৰা নগেন মহন্তৰ লগত আৰু অন্য লোকো জড়িত আছে বুলি জানিব পৰা গৈছে । 

লগতে পঢ়ক: মটৰ শ্ৰমিকৰ ধৰ্মঘটলৈ সমৰ্থন কাৰ্বি আংলং মটৰ শ্ৰমিক আৰু চালক সন্থাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.