বাক্সাত চলন্ত ট্ৰাকত জুই

By ETV Bharat Assamese Team

Published : Jan 31, 2024, 6:54 AM IST

thumbnail

বৰপেটাৰোড, 31 জানুৱাৰী: বৰপেটাৰোডৰ সমীপৰ বাক্সাৰ হঁটাপাৰাৰ ৰাষ্ট্ৰীয় ঘাইপথত মঙলবাৰে এখন চলন্ত ট্ৰাক হঠাতে দপদপকৈ জ্বলি উঠে ৷ মঙলবাৰৰ নিশা দহ চাৰে দহ বজাত সংঘটিত হয় এই ঘটনাটো ৷ NL-02 7542 নম্বৰৰ ট্ৰাকখন বৰপেটাৰোডৰ পৰা হাউলীলৈ ব্ৰীজ নিৰ্মাণৰ সামগ্ৰী কঢ়িয়াই লৈ গৈ আছিল বুলি স্থানীয় লোকে জনায় ৷ 

ঠিক তেনে সময়তে চলন্ত ট্ৰাকখন হটাপাৰাৰে যোৱা 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ গৈ পোৱাৰ লগে লগেই ট্ৰাকখনৰ ইঞ্জিনত দপদপকৈ জুই জ্বলে ৷ ফলত ট্ৰাকখন ভস্মীভূত হয় ৷ ট্ৰাকখনৰ বেটাৰীত শ্বৰ্ট চাৰ্কিট হোৱাৰ ফলত এই অগ্নিকাণ্ড হোৱা বুলি জানিব পৰা গৈছে । হঠাৎ ট্ৰাকখনত অগ্নিকাণ্ড সংঘটিত হোৱাত ট্ৰাকখনৰ চালকজন কথমপি প্ৰাণ ৰক্ষা পৰে যদিও বাহন এৰি পলায়ন কৰে চালকে ৷ 

পৰৱৰ্তী সময়ত অগ্নিনিৰ্বাপক বাহিনীৰ লোকে উপস্থিত হৈ ট্ৰাকখনৰ জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়  ৷

লগতে পঢ়ক: Accident at Bilaspur : চলন্ত বাহনত জুই লাগি জীৱন্তে জ্বলিল আৰোহী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.