ৰাতাবাৰীত জব্দ ৪ কোটি টকাৰ ড্ৰাগছ, গ্ৰেপ্তাৰ তিনি সৰবৰাহকাৰী

By ETV Bharat Assamese Team

Published : Feb 11, 2024, 6:57 AM IST

thumbnail

কৰিমগঞ্জ, ১১ ফেব্ৰুৱাৰী: মিজোৰামৰ পৰা পাথাৰকান্দিলৈ সৰবৰাহ কৰোতেই ৰাতাবাৰীত জব্দ ৪ কোটি টকাৰ ড্ৰাগছ । কৰিমগঞ্জ আৰক্ষীয়ে ৰাতাবাৰীত জব্দ কৰে বৃহৎ পৰিমাণৰ হেৰ'ইন আৰু ইয়াবা টেবলেট । ড্ৰাগছসহ তিনি সৰবৰাহকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । কৰিমগঞ্জ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম দাসৰ নেতৃত্বত এই বিশেষ অভিযান চলোৱা হৈছিল । ৰাতাবাৰী আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই তিনি ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।  

কৰিমগঞ্জ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম দাসে উল্লেখ কৰা মতে, মিজোৰামৰ পৰা পাথাৰকান্দিলৈ সৰবৰাহ কৰাৰ সময়তেই ১২টা চাবোনৰ বাকচত থকা ১৫০.৬৪ গ্ৰাম হেৰ'ইন আৰু ১৯,৮০০ ইয়াবা টেবলেট উদ্ধাৰ কৰা হয় । ৰাতাবাৰী থানাৰ সন্মুখত আৰক্ষীয়ে এমজেড ০৫এ ২৭৩৫ ইকো গাড়ীত তালাচী অভিযান চলাই তিনি সৰবৰাহকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলি কয় কৰিমগঞ্জ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম দাসে ।

লগতে পঢ়ক:ৰাজ্যত ৮৭৭ টা কেন্দ্ৰত 12 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.