মৰিগাঁৱত ৰেমলৰ ব্যাপক প্ৰভাৱ : জিলা প্ৰশাসনৰ তৎপৰতা - Cyclone Remal effects - CYCLONE REMAL

🎬 Watch Now: Feature Video

thumbnail
মৰিগাঁৱত ৰেমলৰ ব্যাপক প্ৰভাৱ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : May 28, 2024 at 10:28 PM IST

2 Min Read
Choose ETV Bharat

মৰিগাঁও, ২৮ মে' : ৰাজ্যৰ বিভিন্ন অঞ্চলৰ সমান্তৰালকৈ মৰিগাঁৱতো ভয়াৱহ ৰূপ ধাৰণ কৰিছে ঘূৰ্ণিবতাহ ৰেমলে । ৰেমলৰ প্ৰভাৱত জিলাখনৰ বিভিন্ন অঞ্চলৰ বহু পৰিয়ালৰ ঘৰ-দুৱাৰ ধবংস হৈছে । আনহাতে, ৰাজপথত গছ বাগৰি ব্যাহত হৈছে যাতায়াত ব্যৱস্থা । লগতে বন্ধ হৈ আছে বিজুলী যোগানো ।  

এক কথাত ক'বলৈ গ'লে ৰেমলৰ প্ৰভাৱত জিলাখনৰ স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈ পৰিছে । আনহাতে, এই পৰিস্থিতিত সষ্টম হৈ পৰিছে জিলা প্ৰশাসন ।

উল্লেখ্য যে ধুমুহাৰ ফলত এঘৰ লোকৰ গোহালি ভাঙি ভিতৰত আবদ্ধ হৈ পৰে গোধন । লগতে আহত হয় গাইগৰু । ইয়াৰ উপৰি বহুতো ঘৰ-বাৰী অনিষ্ট হয় । খেতিপথাৰৰো ভীষণ ক্ষতি হয় । বাৰীৰ তামোল-পাণ, কল আদি ভাঙি পৰে ।

ইফালে ভয়ংকৰ ধুমুহা আৰু ধাৰাসাৰ বৰষুণৰ বাবে জিলাখনৰ সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰে প্ৰশাসনে । এই সন্দৰ্ভত জিলা আয়ুক্তই সতকৰ্তাও জাৰি কৰে । বিনা কাৰণত ৰাইজক ঘৰৰ পৰা বাহিৰলৈ নোলাবলৈ তেওঁ আহ্বান জনায় । লগতে তৎপৰতাৰে সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে সাজু হৈ আছে জিলা প্ৰশাসন ।

ইয়াৰ উপৰি জৰুৰীকালীন পৰিস্থিতিৰ বাবে গঠন কৰা হৈছে জৰুৰী কোষ । জনসংযোগ বিভাগৰ জৰিয়তে জৰুৰীকালীন সময়ত গ্ৰহণ কৰিবলগীয়া পদক্ষেপৰ বিষয়েও তেওঁ সদৰী কৰে । এইক্ষেত্ৰত বিনামূলীয়া টেলিফোন নম্বৰ 1077-ত যোগাযোগ কৰিব পাৰে । আনহাতে, লেণ্ডলাইন ফোন নম্বৰ হৈছে 03678251000 । ইয়াৰ উপৰি অতিৰিক্ত আয়ুক্ত বিমান দাসৰ 9394326157 আৰু ৰঞ্জু শৰ্মাৰ 9101027443 ফোন নম্বৰতো যোগাযোগ কৰিব পাৰে । তেওঁলোকৰ তত্ত্বাৱধানতে গঠন কৰা হৈছে এই জৰুৰী কোষ ।

লগতে পঢ়ক :পৰীক্ষা দিবলৈ গৈ উভতি আহিল কৌশিকৰ ৰক্তাক্ত দেহ - CYCLONE REMAL

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details