মৰিগাঁৱত ৰেমলৰ ব্যাপক প্ৰভাৱ : জিলা প্ৰশাসনৰ তৎপৰতা - Cyclone Remal effects

By ETV Bharat Assamese Team

Published : May 28, 2024, 10:28 PM IST

thumbnail
মৰিগাঁৱত ৰেমলৰ ব্যাপক প্ৰভাৱ (ETV Bharat Assam)

মৰিগাঁও, ২৮ মে' : ৰাজ্যৰ বিভিন্ন অঞ্চলৰ সমান্তৰালকৈ মৰিগাঁৱতো ভয়াৱহ ৰূপ ধাৰণ কৰিছে ঘূৰ্ণিবতাহ ৰেমলে । ৰেমলৰ প্ৰভাৱত জিলাখনৰ বিভিন্ন অঞ্চলৰ বহু পৰিয়ালৰ ঘৰ-দুৱাৰ ধবংস হৈছে । আনহাতে, ৰাজপথত গছ বাগৰি ব্যাহত হৈছে যাতায়াত ব্যৱস্থা । লগতে বন্ধ হৈ আছে বিজুলী যোগানো ।  

এক কথাত ক'বলৈ গ'লে ৰেমলৰ প্ৰভাৱত জিলাখনৰ স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈ পৰিছে । আনহাতে, এই পৰিস্থিতিত সষ্টম হৈ পৰিছে জিলা প্ৰশাসন ।

উল্লেখ্য যে ধুমুহাৰ ফলত এঘৰ লোকৰ গোহালি ভাঙি ভিতৰত আবদ্ধ হৈ পৰে গোধন । লগতে আহত হয় গাইগৰু । ইয়াৰ উপৰি বহুতো ঘৰ-বাৰী অনিষ্ট হয় । খেতিপথাৰৰো ভীষণ ক্ষতি হয় । বাৰীৰ তামোল-পাণ, কল আদি ভাঙি পৰে ।

ইফালে ভয়ংকৰ ধুমুহা আৰু ধাৰাসাৰ বৰষুণৰ বাবে জিলাখনৰ সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰে প্ৰশাসনে । এই সন্দৰ্ভত জিলা আয়ুক্তই সতকৰ্তাও জাৰি কৰে । বিনা কাৰণত ৰাইজক ঘৰৰ পৰা বাহিৰলৈ নোলাবলৈ তেওঁ আহ্বান জনায় । লগতে তৎপৰতাৰে সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে সাজু হৈ আছে জিলা প্ৰশাসন ।

ইয়াৰ উপৰি জৰুৰীকালীন পৰিস্থিতিৰ বাবে গঠন কৰা হৈছে জৰুৰী কোষ । জনসংযোগ বিভাগৰ জৰিয়তে জৰুৰীকালীন সময়ত গ্ৰহণ কৰিবলগীয়া পদক্ষেপৰ বিষয়েও তেওঁ সদৰী কৰে । এইক্ষেত্ৰত বিনামূলীয়া টেলিফোন নম্বৰ 1077-ত যোগাযোগ কৰিব পাৰে । আনহাতে, লেণ্ডলাইন ফোন নম্বৰ হৈছে 03678251000 । ইয়াৰ উপৰি অতিৰিক্ত আয়ুক্ত বিমান দাসৰ 9394326157 আৰু ৰঞ্জু শৰ্মাৰ 9101027443 ফোন নম্বৰতো যোগাযোগ কৰিব পাৰে । তেওঁলোকৰ তত্ত্বাৱধানতে গঠন কৰা হৈছে এই জৰুৰী কোষ ।

লগতে পঢ়ক :পৰীক্ষা দিবলৈ গৈ উভতি আহিল কৌশিকৰ ৰক্তাক্ত দেহ - CYCLONE REMAL

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.