কাকীত বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকৰ অংশগ্ৰহণেৰে সাংস্কৃতিক শোভাযাত্ৰা - RONGALI BIHU 2024

By ETV Bharat Assamese Team

Published : Apr 17, 2024, 9:05 PM IST

thumbnail

হোজাই, ১৭ এপ্ৰিল: ৰঙালীৰ ৰঙত মতলীয়া ৰাজ্যবাসী ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হৈছে ৰঙালী বিহু ৷ ৰীতি-নীতি পৰম্পৰা পালন কৰি উজনিৰ পৰা নামনিলৈ উদযাপন কৰা হৈছে হেঁপাহৰ ৰঙালী বিহু । ৰাজ্যত লোকসভা নিৰ্বাচনৰ বতাহেও ম্লান কৰিব পৰা নাই ৰঙালীৰ আনন্দ উল্লাস । ব্যতিক্ৰম নহয় হোজাই জিলাৰ কাকী ।

বিভিন্ন জাতি-জনগোষ্ঠীৰ বসতিস্থল কাকী । এই কাকীক কোৱা হয় ক্ষুদ্ৰ অসম । কাকীৰ বিভিন্ন প্ৰান্তৰ লগতে ২ নং কাকী নাৰায়ণপুৰত সমাজ কল্যাণ পুথিভঁৰালৰ উদ্যোগত আজি পুৱা গাঁঁওবাসী ওলাই আহে হেঁপাহৰ ৰঙালী বিহুৰ আনন্দ উপভোগ কৰিবলৈ ।  

৫৯ সংখ্য়ক ৰঙালী বিহু উপলক্ষে ৫৯ খন পতাকা উত্তোলন কৰাৰ পাচত উলিওৱা হয় বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা । এই সাংস্কৃতিক শোভাযাত্ৰাত বিলুপ্তপ্ৰায় এখন গৰুগাড়ী সন্মুখত ৰাখি বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক:ৰঙালীৰ ৰঙত মতলীয়া অসম; ভিন্ন প্ৰান্তত বিহু উদযাপন - RONGALI BIHU 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.