ভূপেন বৰাৰ আক্ৰমণত জড়িত দুৰ্বৃত্তক গ্ৰেপ্তাৰৰ দাবীত মঙলদৈত কংগ্ৰেছৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Jan 23, 2024, 8:36 AM IST

thumbnail

মঙলদৈ, 23 জানুৱাৰী : জামুগুৰিহাটত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত দুষ্কৃতিকাৰীয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ আক্ৰমণত জড়িত দুৰ্বৃত্তক গ্ৰেপ্তাৰৰ দাবীত সোমবাৰে সন্ধিয়া মঙলদৈত কংগ্ৰেছ কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰে ৷ মঙলদৈৰ ৰাজীৱ ভৱনৰ পৰা উলিওৱা প্ৰতিবাদী কাৰ্যসূচীত জিলাখনৰ শতাধিক কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷ নৰেন্দ্ৰ মোদী হায় হায়, হিমন্ত বিশ্ব মূৰ্দাবাদ, বিজেপি চৰকাৰ হুচিয়াৰ শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ কৰ্মীসকলে ৷

প্ৰতিবাদকাৰী কংগ্ৰেছ কৰ্মীসকলে কয়, ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত প্ৰদেশ কংগ্ৰেছৰ সভাপতিক আক্ৰমণ কৰা দুষ্কৃতিকাৰীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰক ৷ অসমত বিজেপি চৰকাৰে হিটলাৰী শাসন চলাইছে ৷ ৰাহুল গান্ধীৰ নেতৃত্বত ন্যায় যাত্ৰাৰ জৰিয়তে বিজেপি চৰকাৰৰ অন্যায়ৰ কথা ৰাইজক অৱগত কৰিব বিচৰা হৈছে ৷ কিন্তু হিমন্ত চৰকাৰে কংগ্ৰেছৰ ন্যায় যাত্ৰাক বাৰে বাৰে বাধা প্ৰদান কৰি আহিছে ৷

লগতে পঢ়ক : ধৰ্মক ৰাজনীতিত ব্যৱহাৰ কৰাটো গণতান্ত্ৰিক দেশৰ বাবে অতি চিন্তনীয়: কানহায়া কুমাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.