ভূপেন বৰাক আক্ৰমণৰ বিৰুদ্ধে নলবাৰীত জিলা কংগ্ৰেছৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Jan 22, 2024, 7:03 PM IST

thumbnail

নলবাৰী, ২২ জানুৱাৰী : অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক আক্ৰমণ কৰাৰ বিৰুদ্ধে নলবাৰীত ৰাজীৱ ভৱনত জিলা কংগ্ৰেছ কৰ্মীয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ কংগ্ৰেছৰ ভাৰত জোড়া ন্যায় যাত্ৰাত সভাপতি ভূপেন বৰাক আক্ৰমণ কৰাৰ বিৰুদ্ধে আজি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে নলবাৰী জিলা কংগ্ৰেছে ৷ উক্ত প্ৰতিবাদী কাৰ্যসূচীত " বিজেপি চৰকাৰ হায় হায়","বিজেপিয়ে কংগ্ৰেছ কৰ্মীৰ ওপৰত চলোৱা অত্যাচাৰ বন্ধ কৰক" আদি শ্লোগান দিয়ে  ৷  

নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰীয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে মুখ্য়মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাত কালি অসমত এনেদৰে হিংসাত্মক ঘটনা সংঘটিত হৈছে । ভগৱান ৰামৰ নাম লৈ বিজেপিৰ নেতা-কৰ্মী সকলে প্ৰকৃততে ৰাৱনৰ দৰে আচৰণ কৰা বুলিও তেওঁ মন্তব্য কৰে । এনে আচৰণ সনাতনী সভ্যতাত নাই বুলি মন্তব্য় কৰি মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বিজেপিৰ গুন্দাবাহিনীয়ে ভাৰত জোড়ো ন্যায় যাত্ৰাত অপ্ৰীতিকৰ পৰিস্থিতি কৰা বুলি কয় । যিমান বাধা আহিলেও ভাৰত জোড়ো ন্যায় যাত্ৰাক ৰোধিব নোৱাৰে বুলি মন্তব্য় কৰি কাইলৈ নলবাৰী জিলাত এই যাত্ৰা সফল ৰূপে আগুৱাই নিব বুলিও কয় ৰাতুল পাটোৱাৰীয়ে ।

লগতে পঢ়ক:অসম আৰক্ষীক মুখ্যমন্ত্ৰীয়ে বিজেপি কৰ্মীৰ দৰে ব্যৱহাৰ কৰে: সাংসদ গৌৰৱ গগৈ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.