বিশ্বনাথত উপস্থিত কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী

By ETV Bharat Assamese Team

Published : Jan 21, 2024, 1:50 PM IST

thumbnail

বিশ্বনাথ,২১ জানুৱাৰী: মণিপুৰৰ, নাগালেণ্ডৰ পিছত সামৰি দেওবাৰে পুৱাই অৰুণাচল প্ৰদেশৰে আহি গহপুৰ সমষ্টিত উপস্থিত হয় কংগ্ৰেছ নেতা ৰাহুল গান্ধী ৷ শোণিতপুৰ জিলা আৰু বিশ্বনাথ জিলাৰ কংগ্ৰেছ কৰ্মীয়ে আদৰণি জনাই গহপুৰত । ইয়াৰ পিছত উপস্থিত হয় বিহালী সমষ্টিত । বিহালী সমষ্টিত উপস্থিত হোৱাৰ পিছতে কংগ্ৰেছ কৰ্মীসকলৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে ৷  

বিহালী সমষ্টিৰ পৰা বিশ্বনাথ বিধানসভা সমষ্টিত কংগ্ৰেছ দলে আয়োজন কৰা এখন জনসভা সম্বোধন কৰিব বুলি জানিব পৰা গৈছে । উল্লেখযোগ্য যে এই ভাৰত জোড়ো ন্যায় যাত্ৰা অসমৰ ১৭ খন জিলা স্পৰ্শ কৰাৰ লগতে অসমৰ প্ৰায় ৮৩৩ কিলোমিটাৰ পথ যাত্ৰা কৰিব কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে । অসমত যোৱা ১৮ জানুৱাৰীৰ পৰা কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত আৰম্ভ হৈছে “ভাৰত জোড়ো ন্যায় যাত্ৰা" । 

লগতে পঢ়ক: স্থিতিত অটল অসম চৰকাৰ, মহানগৰীৰ মাজেৰে যাব নোৱাৰিব ভাৰত জোড়ো ন্যায় যাত্ৰা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.