তিতাবৰত নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰীৰ, নামঘৰত শৰাই আগবঢ়ায় ল’লে সেৱা - Lok Sabha Election 2024

By ETV Bharat Assamese Team

Published : Apr 11, 2024, 10:47 PM IST

thumbnail

যোৰহাট, 11 এপ্ৰিল : প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰৰ বাবে সমষ্টিয়ে সমষ্টিয়ে ঘূৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ বিশেষকৈ যোৰহাট আৰু ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিভিন্ন স্থানত মুখ্যমন্ত্ৰীগৰাকীয়ে ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে ৷ বৃহস্পতিবাৰে তিতাবৰত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ শৰ্মা ৷ উজনি অসমৰ কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি তিতাবৰ জিলা নামঘৰত শৰাই আগবঢ়াই সেৱা জনালে মুখ্যমন্ত্ৰীজনে ৷

যোৰহাট লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই সন্ধিয়া তিতাবৰৰ ন-আলিৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তিতাবৰ জিলা শাখাৰ নামঘৰত সেৱা লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ লগতে তিতাবৰ সমষ্টিত 30 হাজাৰ ভোটত বিজেপি প্ৰাৰ্থীগৰাকী আগবাঢ়িব বুলি তেওঁ কয় ৷ লগতে মুখ্যমন্ত্ৰীজনে লোকসভা নিৰ্বাচনত 13 খন আসন লাভ কৰিব বুলিও দাবী কৰে ৷ 

লগতে পঢ়ক : সৰুপথাৰত নাচি-বাগি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ বিশাল ৰোড শ্ব' - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.