গহপুৰত ভূমি পট্টা বিতৰণ মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ

By ETV Bharat Assamese Team

Published : Feb 27, 2024, 8:23 PM IST

thumbnail

বিশ্বনাথ, ২৭ ফেব্ৰুৱাৰী: মঙলবাৰে গহপুৰত অনুষ্ঠিত ভূমি পট্টা বিতৰণ অনুষ্ঠানত অংশগ্ৰহন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ বসুন্ধৰা ২.Oৰ অধীনত মুখ্যমন্ত্ৰীগৰাকীয়ে ১০,২৫৫ খন পট্টা বিতৰণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । ইয়াৰে ৭৪০৯ খন পট্টা লাভ কৰে  গহপুৰৰ বাসিন্দাই ।

পট্টা বিতৰণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ২০২৬ চনৰ আগতে অসমৰ মাটি-বাৰী সমস্যাসমূহ সম্পূৰ্ণৰূপে দূৰ কৰা হ’ব । অসমৰ মানুহ যাতে কোনো সমস্যাত পৰিব নালাগে, তাৰ বাবে চৰকাৰে অপ্ৰাণ চেষ্টা কৰি আহিছে আৰু কৰি যাব ।

শেহতীয়াকৈ অসম বিধানসভাত গৃহীত হোৱা কনকলতা বিশ্ববিদ্যালয়ৰ কাম খুব সোনকালে আৰম্ভ হ'ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । আনহাতে এক লাখ চাকৰি দিয়াৰ পিচতত আকৌ ৩৫ হাজাৰ চাকৰি মুকলি কৰি দিয়া হৈছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰে ৷ ইয়াৰোপৰি মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় যে ৰেচন কাৰ্ড থকা সকলো পৰিয়ালকে অৰুণোদয় দিয়া হ’ব । ৰেচন কাৰ্ড থকা পৰিয়ালৰ মূৰব্বীক বীমা কৰোৱা হ’ব ।

আনহাতে প্ৰ-পত্ৰ পূৰণৰ কেইদিনমান পিচতে ‘লাখপতি বাইদেউ আচঁনি’ৰ ১০ হাজাৰ টকা একাউণ্টত সোমোৱই দিয়া হ’ব বুলি কয় মুখ্যমন্ত্ৰীয়ে ।

লগতে পঢ়ক: এফালে মুখ্যমন্ত্ৰীৰ জনসভা, আনফালে হাইস্কুল শিক্ষান্ত পৰীক্ষা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.