ETV Bharat / state

এফালে মুখ্যমন্ত্ৰীৰ জনসভা, আনফালে হাইস্কুল শিক্ষান্ত পৰীক্ষা

Land pattas distribution: মাজুলীত নিজৰ নিৰ্দেশনাই মুখ থেকেচা খুৱালে মুখ্যমন্ত্ৰীক ৷ এফালে মুখ্যমন্ত্ৰীৰ জনসভা আনফালে কাষতেই অনুষ্ঠিত হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা ৷ ইয়াকে লৈ এতিয়া সচেতন মহলত জোকাৰণি ...

Land pattas distribution
এফালে মুখ্যমন্ত্ৰীৰ জনসভা, আনফালে হাইস্কুল শিক্ষান্ত পৰীক্ষা
author img

By ETV Bharat Assamese Team

Published : February 27, 2024 at 3:37 PM IST

|

Updated : February 27, 2024 at 4:00 PM IST

2 Min Read
Choose ETV Bharat

মাজুলী, 27 ফেব্ৰুৱাৰী : ৰাজ্যজুৰি মিছন বসুন্ধৰা 2.0 ৰ অধীনত খিলঞ্জীয়াসকলক ভূমি পট্টা বিতৰণ কাৰ্যসূচী অব্যাহত আছে ৷ মঙলবাৰে মাজুলীৰ সদৰ গড়মূৰত ভূমিপট্টা বিতৰণ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ ইফালে ৰাজ্যজুৰি অনুষ্ঠিত হৈ আছে হাইস্কুল শিক্ষান্ত পৰীক্ষা ৷

মুখ্যমন্ত্ৰীগৰাকীৰ সভাৰ নিচেই কাষৰ এখন বিদ্যালয়ত অনুষ্ঠিত হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা । এতিয়া ইয়াকে লৈ মাজুলীৰ ৰাইজৰ মাজত ব্যাপক চৰ্চা চলিছে ৷ কিয়নো হুলস্থূলীয়া পৰিৱেশৰ মাজত পৰীক্ষা অনুষ্ঠিত কৰিব লগা হৈছে বিদ্যালয় কৰ্তৃপক্ষই ৷

পৰীক্ষা অনুষ্ঠিত কৰাৰ সময়ত সভাৰ মাইক বন্ধ কৰি ৰাখিছে যদিও সভালৈ অহা মানুহৰ হুলস্থূলে পৰিৱেশ বিনষ্ট কৰা পৰিলক্ষিত কৰা হৈছে ৷ লানি নিচিগা শাৰীৰে জনসভালৈ সমাগম ঘটিছে বিভিন্ন প্ৰান্তৰ লোকৰ । চিঞৰ বাখৰৰ মাজত অনুষ্ঠিত কৰা পৰীক্ষা গ্ৰহণযোগ্য নহয় বুলি বিভিন্ন মহলে মন্তব্য প্ৰকাশ কৰিছে।

একাংশ লোকে কয় যে, এই সভাখন মাজুলীৰ অন্য ঠাইতো অনুষ্ঠিত কৰিব পাৰিলেহেতেন যদিও মাজুলীৰ সদৰ ঠাই বাবেই পৰীক্ষা অনুষ্ঠিত হৈ থকাৰ সময়তো সভাখন এইদৰে বিদ্যালয়ৰ নিচেই কাষতে অনুষ্ঠিত হোৱাত ৰাইজ ক্ষোভিত হৈ পৰে ৷ একে সময়তে অভিভাৱকসকলো চিন্তাত পৰা দেখা গৈছে ৷ ফলত বিভিন্নজনৰ সমালোচনা আৰু হাঁহিয়াতৰ পাত্ৰ হৈছে চৰকাৰ তথা মাজুলীৰ প্ৰশাসন । যি সময়ত খোদ মুখ্যমন্ত্ৰীয়ে পৰীক্ষা বাদেই ক্লাছ চলি থকাৰ সময়টো বিভিন্ন সভা অনুষ্ঠিত কৰিবলৈ অনুমতি নিদিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল একে সময়তে তেওঁ নিজে পৰীক্ষা অনুষ্ঠিত কৰাৰ সময়ত সভা অনুষ্ঠিত কৰিছে ।

আনহাতে ক্ষুব্ধ অভিভাৱকে কয় যে, জনসভাৰ বাবে পথসমূহ বন্ধ হোৱাৰ ফলত পৰীক্ষাৰ্থীসকলক পৰীক্ষা দিবলৈ লৈ আহিবলৈও তেওঁলোকে বহুতো অসুবিধাত পৰিছে ৷ মুঠতে মুখ্যমন্ত্ৰীৰ জনসভাই এতিয়া সকলোৰে ককৰ্থনাহে শুনিবলগীয়া হৈছে ৷

লগতে পঢ়ক: বোকাখাতত বন্যহস্তীৰ আক্ৰমণত নিহত শ্ৰমিক

Last Updated : February 27, 2024 at 4:00 PM IST