চিকিৎসকৰ গাফিলতিৰ বাবে শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি - Child allegedly died

🎬 Watch Now: Feature Video

thumbnail
চিকিৎসকৰ গাফিলতিৰ বাবে শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি (undefined)

By ETV Bharat Assamese Team

Published : March 7, 2024 at 2:03 PM IST

1 Min Read
Choose ETV Bharat

জোনাই,৭ মাৰ্চ: জোনাই মহকুমাৰ চিমেন চাপৰি আৰক্ষী থানা অন্তৰ্গত ৰামধন MPHC ত চিকিৎসকৰ অৱহেলাৰ বাবে এটি শিশুৰ মৃত্যুৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে । জানিব পৰা মতে বৰদণ্ডী বালিপাৰাৰ লিখন বড়োৰ গৰ্ভৱতী পত্নীক বুধবাৰে পুৱা প্ৰায় ৮ বজাত ৰামধন MPHC ত ভৰ্তি কৰোৱা হয় । পিছত সন্ধিয়া প্ৰায় ৪ বজাত প্ৰসূূতিগৰাকীয়ে এটি কন্যা সন্তান প্ৰসৱ কৰে । 

কিন্তু সন্তান প্ৰসৱ কৰাৰ প্ৰায় পাঁচ মিনিটৰ পিছতে শিশুটিৰ মৃত্যু হোৱাৰ অভিযোগ পৰিয়ালৰ । পুৱা প্ৰসূতিগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ সময়ত কৰ্তব্যত থকা চিকিৎসকৰ অবহেলাৰ বাবে শিশুটিৰ মৃত্যুৰ অভিযোগ ৰাইজৰ । দেৱশিশুৰ মৃত্যুৰ পিছতে চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে পৰিয়ালৰ লোকে । পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰে । ইতিমধ্যে কৰ্তব্যত গাফিলতি কৰা ৰামধন MPHCৰ চিকিৎসকৰ বিৰুদ্ধে চিমেন চাপৰি থানাত গোচৰ ৰুজু কৰিছে পৰিয়ালৰ লোকে ।  

লগতে পঢ়ক: Doctors Negligence In Dhemaji: চিকিৎসকৰ ভুলৰ বাবে প্ৰসূতিৰ মৃত্যু, ধেমাজি অসামৰিক চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details