চিকিৎসকৰ গাফিলতিৰ বাবে শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি

By ETV Bharat Assamese Team

Published : Mar 7, 2024, 2:03 PM IST

thumbnail

জোনাই,৭ মাৰ্চ: জোনাই মহকুমাৰ চিমেন চাপৰি আৰক্ষী থানা অন্তৰ্গত ৰামধন MPHC ত চিকিৎসকৰ অৱহেলাৰ বাবে এটি শিশুৰ মৃত্যুৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে । জানিব পৰা মতে বৰদণ্ডী বালিপাৰাৰ লিখন বড়োৰ গৰ্ভৱতী পত্নীক বুধবাৰে পুৱা প্ৰায় ৮ বজাত ৰামধন MPHC ত ভৰ্তি কৰোৱা হয় । পিছত সন্ধিয়া প্ৰায় ৪ বজাত প্ৰসূূতিগৰাকীয়ে এটি কন্যা সন্তান প্ৰসৱ কৰে । 

কিন্তু সন্তান প্ৰসৱ কৰাৰ প্ৰায় পাঁচ মিনিটৰ পিছতে শিশুটিৰ মৃত্যু হোৱাৰ অভিযোগ পৰিয়ালৰ । পুৱা প্ৰসূতিগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ সময়ত কৰ্তব্যত থকা চিকিৎসকৰ অবহেলাৰ বাবে শিশুটিৰ মৃত্যুৰ অভিযোগ ৰাইজৰ । দেৱশিশুৰ মৃত্যুৰ পিছতে চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে পৰিয়ালৰ লোকে । পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰে । ইতিমধ্যে কৰ্তব্যত গাফিলতি কৰা ৰামধন MPHCৰ চিকিৎসকৰ বিৰুদ্ধে চিমেন চাপৰি থানাত গোচৰ ৰুজু কৰিছে পৰিয়ালৰ লোকে ।  

লগতে পঢ়ক: Doctors Negligence In Dhemaji: চিকিৎসকৰ ভুলৰ বাবে প্ৰসূতিৰ মৃত্যু, ধেমাজি অসামৰিক চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.