নাৰায়ণপুৰৰ অশোকত চাও চেং ৰেন মুকলি কৰিলে মন্ত্ৰী যোগেন মহনে

By ETV Bharat Assamese Team

Published : Jan 30, 2024, 1:40 PM IST

thumbnail

বিহপুৰীয়া, ৩০ জানুৱাৰী : মে-ডাম-মেফিৰ প্ৰাক মুহূৰ্তত লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ অশোক গাঁৱত আহোম সকলৰ উপসনাস্থলী চাও চেং ৰেন উন্মোচন  কৰা হয় । জিলাখনৰ মেৰমুখ বাৰেচহৰীয়া উন্নয়ন সভাৰ উদ্যোগত অসম চৰকাৰৰ বিশেষ সাহায্য় পুঁজিৰে নিৰ্মাণ কৰা ৰেনটো মুকলি কৰে ৰাজহ মন্ত্ৰী যোগেন মহনে ।  

ৰেনটো মুকলিৰ জৰিয়তে বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ এটা দীৰ্ঘদিনীয়া অভাৱ পূৰণ হোৱা বুলি মন্তব্য় কৰে ৰাজহ মন্ত্ৰী যোগেন মহনে । এই উপলক্ষে এখন গাম্ভীৰ্যপূৰ্ণ সভা অনুষ্ঠিত হয় । মেৰমুখ বাৰেচহৰীয়া উন্নয়ন সভাৰ সম্পাদক ৰিতুমনি ফুকনে আঁতধৰা সভাখনত আদৰণী ভাষণ প্ৰদান কৰে স্থানীয় বিধায়ক ড৹ অমিয় কুমাৰ ভূঞাই । কেইবাটাও সাংস্কৃতিক কাৰ্যসূচী পৰিবেশন কৰা সভাখনত বৃহত্তৰ অঞ্চলটোৰ শতাধিক লোক উপস্থিত থাকে ।

লগতে পঢ়ক:ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত অংশ লোৱাৰ বাবেই মুখ্য ইমামৰ বিৰুদ্ধে ’ফটোৱা’ জাৰি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.