নাৰায়ণপুৰৰ অশোকত চাও চেং ৰেন মুকলি কৰিলে মন্ত্ৰী যোগেন মহনে - Bihpuria news

🎬 Watch Now: Feature Video

thumbnail
নাৰায়ণপুৰৰ অশোক গাঁৱত আহোমৰ উপসনাস্থলী (undefined)

By ETV Bharat Assamese Team

Published : January 30, 2024 at 1:40 PM IST

1 Min Read
Choose ETV Bharat

বিহপুৰীয়া, ৩০ জানুৱাৰী : মে-ডাম-মেফিৰ প্ৰাক মুহূৰ্তত লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ অশোক গাঁৱত আহোম সকলৰ উপসনাস্থলী চাও চেং ৰেন উন্মোচন  কৰা হয় । জিলাখনৰ মেৰমুখ বাৰেচহৰীয়া উন্নয়ন সভাৰ উদ্যোগত অসম চৰকাৰৰ বিশেষ সাহায্য় পুঁজিৰে নিৰ্মাণ কৰা ৰেনটো মুকলি কৰে ৰাজহ মন্ত্ৰী যোগেন মহনে ।  

ৰেনটো মুকলিৰ জৰিয়তে বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ এটা দীৰ্ঘদিনীয়া অভাৱ পূৰণ হোৱা বুলি মন্তব্য় কৰে ৰাজহ মন্ত্ৰী যোগেন মহনে । এই উপলক্ষে এখন গাম্ভীৰ্যপূৰ্ণ সভা অনুষ্ঠিত হয় । মেৰমুখ বাৰেচহৰীয়া উন্নয়ন সভাৰ সম্পাদক ৰিতুমনি ফুকনে আঁতধৰা সভাখনত আদৰণী ভাষণ প্ৰদান কৰে স্থানীয় বিধায়ক ড৹ অমিয় কুমাৰ ভূঞাই । কেইবাটাও সাংস্কৃতিক কাৰ্যসূচী পৰিবেশন কৰা সভাখনত বৃহত্তৰ অঞ্চলটোৰ শতাধিক লোক উপস্থিত থাকে ।

লগতে পঢ়ক:ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত অংশ লোৱাৰ বাবেই মুখ্য ইমামৰ বিৰুদ্ধে ’ফটোৱা’ জাৰি

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details